কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শুভদাচণ্ডীxu.bho.da.son.diProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শুভদৱষ্টিNoun
সুনজৰ।
- শুভপৰিণয়xu.bho.po.ri.noyAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- শুভবাৰ্তাxu.bho.bar.taAbstract Noun
কোনো ফালৰ পৰা অহা ভাল বাতৰি বা সম্বাদ৷
someone or something that is positive, encouraging, uplifting, desirable, or the like.
- শুভবাৰ্ত্তাNoun
ভাল বা সন্তোষজনক বাতৰি
ood tidings or news
- শুভবিবাহxu.bho.bi.bahAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- শুভবুদ্ধিxu.bho.bud.dhiAbstract Noun
ভাল মন বা উত্তম বুদ্ধি
good disposition or intention
- শুভমুহূৰ্তxu.bho.mu.hur.toAbstract Noun
কোনো ভাল উপযুক্ত সময় ৷
a good prosperous time.
- শুভসংবাদxu.bho.xong.badAbstract Noun
কোনো ফালৰ পৰা অহা ভাল বাতৰি বা সম্বাদ৷
someone or something that is positive, encouraging, uplifting, desirable, or the like.
- শুভাকাংক্ষীxu.bha.kang.khyiCommon Noun
মঙ্গল চিন্তা কৰা, লোকৰ ভাল কামনা কৰা ব্যক্তি |
Someone who shares your feelings or opinions and hopes that you will be successful.
- শুভাকাঙ্ক্ষাNoun
মঙ্গলকামনা; আশীৰ্ব্বাদ
well-wishing; blessings
- শুভাগমনxu.bha.go.monAbstract Noun
এক উষ্ণ আদৰণি
a warm invitation
- শুভাদৃষ্টxu.bha.dris.toAbstract Noun
ধন-সম্পত্তি আদি আহৰণত সফলতা প্ৰাপ্তি, বৈষয়িক উন্নতি হোৱা
the state of being successful, especially material or financial success; good fortune
- শুভানুধ্যায়ীNoun
শুভ চিন্তোতা; মঙ্গল কামনা কৰোঁতা
a well-wisher
- শুভাশীষxu.bha.xixAbstract Noun
ঐশ্বৰীক সহায় আগবঢ়াবকৈ ভগবানক কৰা কাকূতি; ঐশ্বৰীক সহায়
a request to God for bestowal of divine favor; a divine favor
- শুভাশীৰ্বাদxu.bha.xir.badAbstract Noun
ঐশ্বৰীক সহায় আগবঢ়াবকৈ ভগবানক কৰা কাকূতি; ঐশ্বৰীক সহায়
a request to God for bestowal of divine favor; a divine favor
- শুভাশুভNoun
মঙ্গলামঙ্গল; ভাল আৰু বেয়া
good luck and ill luck
- শুভাৰম্ভxu.bha.rom.bhoAbstract Noun
কোনো কাম আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা কাৰ্য
a formal function declaring the begining of a project or venture
- শুভেচ্ছাxu.bhes.saAbstract Noun
আনৰ হিত বাঞ্ছা কৰি শুভেচ্ছা জনাই ব্যক্ত কৰা বাৰ্তা বা বাণী ৷
A goodwill message that has been conveyed either in written or unwritten form.
- শুভেচ্ছা পত্ৰxu.bhes.sa pot.roMaterial Noun
বন্ধুত্ব আৰু আন্তৰিকতাৰ চিন স্বৰূপে কোনো বিশেষ দিনত ইজনে আনজনক শুভেচ্ছা জনাই প্ৰদান কৰা বিশেষ কাৰ্ড ৷
A greetings card is an illustrated, folded card featuring an expression of friendship or other sentiment. Although greeting cards are usually given on special occasions, such as birthdays, Christmas or New year.