কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভূষণ্ডীbhūṣaṇḍīNoun
গাত বেটু থকা ডাঙৰ-দীঘল এবিধ অস্ত্ৰ।
- ভূষাbhu.xaMaterial Noun
(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি
(a) articles of gold, silver, precious stones, etc., for personal adornment(b) an accessory, article, or detail used to beautify the appearance of something to which it is added
- ভূসংস্থানAbstract Noun
কোনো এক স্থান, যেনে: মহানগৰ, নগৰ বা এলেকাৰ সৱিশেষ বিৱৰণ
the detailed description of particular localities, as cities, towns, or estates
- ভূস্খলনbhu.skho.lonAbstract Noun
পৰ্ব্বত, পাহাৰ আদিৰ পৰা মাটি খহা কাৰ্য্য
Sliding down of a mass of land from a mountain, cliff, etc.
- ভূস্পন্দbhu.spon.doAbstract Noun
ভূগৰ্ভৰ প্ৰাকৃতিক বলৰ প্ৰভাৱত হোৱা পৃথিৱীৰ জোঁকাৰণি।
shaking of the earth by underground natural forces.
- ভূস্বামীbhūsbāmīNoun
মাটিৰ গৰাকী; জমিদাৰ
a land-holder; a land-lord
- ভূৰbhūraNoun
পানীত উটাই নিবলৈ বা নাবৰ দৰে ব্যবহাৰ কৰিবলৈ একে লগে বন্ধা ভালেমান বাঁহ, কাঠ, কল-গছ আদি
a float of wood, etc.; a raft
- ভূৰাগাঁওProper Noun
অসমৰ মৰিগাঁও জিলাৰ এক গুৰুত্বপূৰ্ণ স্থান৷
An important place of Morigaon district of Assam.
- ভূৰিশ্ৰবাbhūriśrabāNoun
সাত্যকিয়ে বধ কৰা দুৰ্য্যোধনৰ ফালৰ এজন বীৰ
a warrior on the Kaurava side mentioned in the Mahābhārata
- ভূৰুকনিbhūrukaniNoun
পানী-ফুটনি।
- ভূৰুভঙ্গbhūrubhaṅgaNoun
ভূৰ্ভং; অলপো পৰোবাই কৰা; যেনে -"ইন্দুপুত্ৰ বালীৰ নাহিকে ভূৰুভঙ্গ" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)।
- ভূৰুহbhu.ruhCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- ভূৰ্জপত্ৰbhūrjapatraNoun
ভূজপাত।
- ভূৰ্জ্জপত্ৰbhūrjjapatraNoun
ভূজপাত।
- ভূৰ্ভংbhūrbhamNoun
অলপো কাণ বা মনোযোগ; কটাক্ষ
slight attention or look
- ভৃংগাৰbhring.garMaterial Noun
ৰজা, দেৱতা আদিক পানী দিয়া সোণ, ৰূপ বা তামৰ, পেটত নলী লগোৱা লোটা৷
A metallic water-vessel with a spout in which water is offered either to a deity or king.
- ভৃংগেশ্বৰbhrProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ভৃংগৰাজbhring.go.rajProper Noun
মাটিকাদুৰিৰ গঢ়ৰ এবিধ মোহাৰিলে ক’লা হোৱা বন।
It is an annual, erect or prostate entirely pubescent herb, often rooting at nodes with opposite, sessile, usually oblong, 2.5 - 7.5 cm long leaves with white appressed hairs having Floral heads 6-8 mm in diameter, solitary, white, achene compressed and narrowly winged.
- ভৃগুপতিbhri.gu.potiProper Noun
বিষ্ণুৰ ষষ্ঠ অৱতাৰ, জমদগ্নি ঋষিৰ আৰু ৰেণুকাৰ পুতেক আৰু ক্ষত্ৰিয়বিলাকক দমন কৰোঁতা ৷
Parashuram is sixth incarnation of Lord Vishnu, born as the son of the sage-couple, Jamadagni and Renuka. He exterminated the Kshatriyas (race of kings) led by Kartavirya, who were oppressing the people.Parashuram was asked by the holy rishis (seers) to make a gift of land to brahmins in order to absolve him of the sin of killing the Kshatriyas.
- ভৃগুসুতbhri.gu.xutProper Noun
বিষ্ণুৰ ষষ্ঠ অৱতাৰ, জমদগ্নি ঋষিৰ আৰু ৰেণুকাৰ পুতেক আৰু ক্ষত্ৰিয়বিলাকক দমন কৰোঁতা ৷
Parashuram is sixth incarnation of Lord Vishnu, born as the son of the sage-couple, Jamadagni and Renuka. He exterminated the Kshatriyas (race of kings) led by Kartavirya, who were oppressing the people.Parashuram was asked by the holy rishis (seers) to make a gift of land to brahmins in order to absolve him of the sin of killing the Kshatriyas.