কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিচানnicānaNoun
পতাকা; চিন; চিহ্ন
a mark
- নিচান-চহীNoun
নিজে নাম লিখিব নজনা মানুহে তাৰ চহী বা দস্তখত-স্বৰূপে দিয়া এটা চিন
a mark put in lieu of signature
- নিচাযুক্ত বস্তুni.sa.juk.to bos.tuMaterial Noun
এনে কিছুমান দ্ৰব্য যাক সেৱন কৰিলে নিচা ধৰে আৰু আসক্ত হয়৷
An addictive substance, such as opium, that reduces pain, alters mood and behavior, and usually induces sleep or stupor. Natural and synthetic narcotics are used in medicine to control pain
- নিচিni.siCommon Noun
অৰুণাচল প্ৰদেশৰ এজাতি পৰ্বতীয়া মানুহ৷এওঁলোকক আগতে ভৈয়ামৰে লোকে ডফলা বুলিছিল। নিজকে নিচি বুলি পৰিচয় দিয়ে। নিচি জনগোষ্ঠী হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী। তেওঁলোক নামনি সোৱণশিৰি জিলাৰ অধিকাংশ অঞ্চলত বাস কৰে। পুৰুষসকলে চুলি দীঘলকৈ ৰাখে আৰু কপালৰ ওপৰত এটা গাঁথি দি থয়। কঁকালৰ চাৰিওফালে বেতৰ ফিটা ৰে বান্ধি থয়। তেওলোকে বিশ্বাস কৰে যে, মৃত্যুৰ পাছত মানুহৰ আত্মা পূৰ্বপুৰুষৰ গাঁও লৈ গুচি যায়।
a hill tribe of Arunachal Pradesh. Now know as Nyishi. The Nyishi tribe is one of the principal inhabitants of Arunachal Pradesh in north-eastern India. Nyi refers to "a man" and the word shi denotes "a being", which collectively means a civilized human being. They are spread across six districts of Arunachal Pradesh viz.,Papum Pare, part of Lower Subansiri, Kurung Kumey, East Kameng, parts of Upper Subansiri, the recently created district Kra Dadi and are also found in the Sonitpur and North Lakhimpur districts of the neighbouring state of Assam.
- নিচুকনিni.su.ko.niAbstract Noun
দুখ, দুৰ্ভাগ্য বা বিপদৰ সময়ত সকাহ দিবলৈ বুজোৱা কাৰ্য্য।
comfort in sorrow, misfortune, or trouble; alleviation of distress or discomfort.
- নিচুকনি গীতni.su.ko.ni gitAbstract Noun
সৰু ল’ৰা-ছোৱালীক শুৱাবলৈ গোৱা গান৷
a song used to lull a child to sleep
- নিচুকনি বঁটাni.su.ko.ni bo~.taMaterial Noun
প্ৰতিযোগিতাত জয়ী নোহোৱা লোকক (বা অংশগ্ৰহণ কৰা সকলোকে) দিয়া উদগনিমূলক বঁটা ৷
a prize, usually of minor value, given to the loser or runner-up in a contest, competition, etc., or to all losers who have performed well or met certain standards.
- নিচুকী-পৰুবাnicukī-parubāNoun
মানুহে ছুলে কিছু পৰ ৰৈ থকা চেপেটা পৰুবা।
- নিচুলকni.su.lokMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- নিচোলnicolaNoun
গাত লোবা কাপোৰ
a cover; a wrapper
- নিচয়nicaẏaNoun
সমূহ
a multitude
- নিচৰ্মni.sor.moAbstract Noun
ছালৰ একেবাৰে বাহিৰৰ তৰপটো, অৰ্থাত্ অধিচৰ্মৰ তলতে থকা জীৱিত কলাৰ আৱৰণ
Layer of living tissue below the epidermis
- নিছলা মাছni.so.la masCommon Noun
মাছ নহয় অথচ মানুহে খোৱা এবিধ পানীৰ পোক৷ ইয়াৰ ঠেং আৰু মুখত শুং থাকে আৰু গোটা এখন টান বাকলিৰে ঢাক খাই থাকে; ইয়াৰ ডাঙৰ সৰু কেইবাজাতিও আছে; ইয়াৰ বুকুৰ নোমৰ মাজত কণী হয়, ইয়াক বন্ধ-পানীত পোৱা হয়৷
any of several small, long-tailed, chiefly marine crustaceans of the decapod suborder Natania, certain species of which are used as food.
- নিছাnichāNoun
ৰাগী
intoxication
- নিছানnichānaNoun
পতাকা; চিন; চিহ্ন
a mark
- নিজnijaAdjective
নিজা; আপোনাৰ
own
- নিজগৰnijagaraNoun
নিৰ্দ্দোষ; দোষ বা দায় নথকা অবস্হা
guiltlessness
- নিজঞ্জালnijañjālaNoun
মানুহৰ সমাগম বা হুলস্হূল নথকা ঠাই
a quiet place
- নিজমnijamaNoun
নিস্তব্ধতা
quietness; silence
- নিজস্বnijasbaNoun
নিজা সম্পত্তি।