কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তত্ত্বাৰ্থAbstract Noun
কোনো ঘটনা বা পৰিস্থিতিৰ মূল কাৰক
The basic cause, source, or origin of something
- তত্ত্বাৱধানtot.ta.wo.dhanVerbal Noun
কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰা৷
to be in charge of somebody or something and to ensure that everything is done properly, safely, timely etc.
- তত্ত্বাৱধায়কtot.ta.wo.dha.yokCommon Noun
হোষ্টেলৰ ছাত্ৰসকলৰ তত্ত্বাবধান কৰিবৰ কাৰণে নিয়োগ কৰা বিশেষ ব্যক্তি ৷
a person appointed to supervise students in hostels.
- তত্বtot.woAbstract Noun
এতিয়ালৈকে সত্য প্ৰমাণিত নোহোৱা কোনো প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আগবঢ়োৱা ধাৰণা বা ব্যাখ্যা৷
an idea or explanation of a natural phenomena, which has not yet been proved to be correct .
- তত্বাৱধানtot.ta.wo.dhanAbstract Noun
কোনো যন্ত্ৰ, ঘৰ আদি ভালকৈ ৰাখিবৰ বাবে লোৱা প্ৰতিপালন ব্যৱস্থা
Support, upkeeping a machine, a house etc. in good order
- তত্বাৱধায়কtot.ta.bo.dha.yokCommon Noun
কোনো ঘৰ, কাৰ্য্যলয়, স্কুল বা অন্যান্য অনুষ্ঠানৰ পৰিচালনা কৰা ব্যক্তি ৷
a person employed in an apartment house, office building, school, etc., to clean the public areas, remove garbage, and do minor repairs
- তত্Abstract Noun
শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।
any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused.
- তত্পৰতাtot.po.ro.taAbstract Noun
পূৰ্ণ সজাগতা আৰু মনোযোগিতা
full awareness and attention
- ততৰtataraNoun
জগৰ; লেঠা; সঙ্কট
trouble; a scrape
- তথাtathāIndeclinable
তেনে; সেই নিচিনা; সেইৰূপ
like that
- তথাগতtathāgataNoun
বুদ্ধদেব
the Buddha
- তথাস্তুto.thas.tuAbstract Noun
মনোকামনা পূৰণ হবলৈ প্ৰাৰ্থনাৰ অন্তত পুৰোহিত, ভকত আদিয়ে কোৱা এটা শব্দ।
a word uttered at the end of a prayer meaning 'may it be so'.
- তথেবtathebaPronoun
তেনেকৈ; সেইদৰে।
- তথ্য জনাৰ অধিকাৰ আইনto.thyo jo.nar o.dhi.kar ainProper Noun
তথ্য জনাৰ অধিকাৰ আইন,২০০৫ চৰকাৰী কামকাজৰ খতিয়ান জানিবলৈ নগৰিকক সুবিধা দিয়া এখন ভাৰতীয় আইন৷ইয়াৰ জৰিয়তে যিকোনো ভাৰতীয় নাগৰিকে দহটকা জমা দি চৰকাৰী বিভাগৰ কাম কাজৰ বিষয়ে এমাহৰ ভিতৰত তথ্য আহৰণ কৰিব পাৰে৷(প্ৰতিৰক্ষাকে ধৰি কেইটামান বিভাগ এই আইনৰ আওটাত নাহে৷)
Right to Information Act 2005 mandates timely response to citizen requests for government information. For more details, visit www.rti.gov.in
- তথ্য সূত্ৰAbstract Noun
তথ্যৰ এক উৎস
a source of information
- তথ্যকোষto.thyo.ko`xCommon Noun
য’ত তথ্য জমা কৰি থোৱা হয়, য’ৰ পৰা তথ্য পাব পাৰি৷
where information is kept and from where it can be sought.
- তথ্যচিত্ৰto.thyo.sit.raAbstract Noun
A short film providing factual report or record on a subject
- তথ্যদাতাto.thyo.da.taProper Noun
ক্ষেত্ৰ অধ্যয়নত বিভিন্ন সমাজ-সংস্কৃতি বিষয়ক প্ৰশ্নৰ উত্তৰ দি বা বিভিন্ন তথ্যৰ সম্ভেদ দি সহায় কৰা লোক ৷
a person who supplies social or cultural data in answer to the questions of an investigator.
- তথ্যপাতিto.dhyo.pa.tiAbstract Noun
সংখ্যা বা গদ্য ৰূপে সংগৃহীত সত্য কথা, যাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’ব পাৰি
a collection of facts in the form of numbers or texts from which conclusions may be drawn
- তথ্যপ্ৰযুক্তিto.thyo.pro.juk.tiAbstract Noun
the study, design, development, implementation, support or management of computer-based information systems, particularly software applications and computer hardware. IT deals with the use of electronic computers and computer software to convert, store, protect, process, transmit, and securely retrieve information.