কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিষ্টাxis.thaMaterial Noun
ফল, বীজ আদি চেপি-খুন্দি ৰস উলিওৱাৰ পাছত ৰৈ যোৱা অকামিলা অংশ।
any pulpy substance left after crushing, mashing, etc.
- শিষ্টাচাৰNoun
সজ গুণ বা আচৰণ; ভদ্ৰতা
civility; good manners
- শিষ্যśiṣyaNoun
গুৰুৰপৰা উপদেশ লওঁতা; শিছ
a desciple
- শিষ্যত্বxi.syot.toAbstract Noun
শিষ্য হৈ থকা অৱস্থা
the position or status of disciple
- শিহাśihāNoun
মিহি শিপা
a fine root
- শিহুজাহাজxi.hu.ja.hajCommon Noun
সাগৰৰ তলেৰে চলা পানী জাহাজ
a ship that can move under water
- শিহৰণxi.ho.ronAbstract Noun
হঠাতে হোৱা উত্তেজনা বা আবেগে সৃষ্টি কৰা গাৰ জোকাৰণি
quivering or trembling caused by sudden excitement or emotion
- শিহৰিśihariNoun
সূতাৰ নিচিনা মিহি সৰু শিপা; পম
rootlet; fibrous root
- শিহৰিতxi.ho.ri.toVerbal Noun
আনন্দত, আবেগত অথবা কোনো সংবেদনৰ প্ৰভাৱত শিয়ৰি উঠা
affected with a sudden wave of keen emotion or excitement, as to produce a tremor or tingling sensation through the body
- শিয়ানxi.yanMaterial Noun
mucous discharge from nose
- শিয়ালśiẏālaNoun
এবিধ কুকুৰৰ জাতৰ বনৰীয়া জন্ত্ত
a jackal; a fox; cyon aurius
- শিয়াল গলাxi.yal go.laProper Noun
কাণৰ তল অংশৰ পৰা গাল ফুলি উঠা এবিধ শিশু ৰোগ ৷ গাল আৰু ডিঙি উখহাৰ লগে লগে অত্যন্ত বিষ আৰু জ্বৰ উঠে ৷ খোৱা-বোৱাত কষ্ট হয় ৷
Mumps is a viral disease of the human, caused by the mumps virus. It is a common childhood disease. Painful swelling from neck to cheak, at the same time fever and headache are primary symptoms of mumps.
- শিয়াল-ক(কে)টাহিNoun
শিয়ালৰ মূতৰ দুৰ্গন্ধ; শিয়ালে য'ত মূতে তাৰপৰা ওলোবা তেনে দুৰ্গন্ধ
the smell of the urine of the jackal
- শিয়াল-গলাAdjective
শিয়ালৰ দৰে ওফন্দা গাল থকা
having fat cheeks like a fox
- শিয়াল-নেজাNoun
শিয়ালৰ ভোবোৰা নেজৰ নিচিনা ফুল মেলা এবিধ বন
a kind of grass
- শিয়ালকঁটাহীxi.yal.ko~.ta.hiCommon Noun
এবিধ কাঁইটযুক্ত সেউজীয়া উদ্ভিদ৷
Argemone mexicana is a species of poppy found in Mexico and now widely naturalized in the United States, India and Ethiopia. An annual herb with bright yellow sap, it has been used by the Natives of the western US and parts of Mexico. The seed-pods secrete a pale-yellow latex substance when cut open. This argemone resin contains berberine and protopine, and is used medicinally as a sedative. Used in leprosy, scabies, and syphilis, in gonorrhea. Seed smoke in toothache and carriage. Oil is used as purgative and illuminating. Seed latex is used in dropsy, jaundice, cuta-neous affections, healing of ulcers, herpes, skin diseases. Also used as antidote against snakebite.
- শিয়ৰণNoun
শিয়ৰা কাৰ্য্য; সক. ধা. শিয়ৰা গাৰ নোম থিয় কৰ্
to cause the hair to stand on end
- শিৰśiraNoun
মূৰ
the head
- শিৰচ্ছেদśiracchedaNoun
মূৰ কটা কাৰ্য্য
decapitation
- শিৰসিজxi.ro.xijMaterial Noun
মানুহ বা জন্তুৰ ছালৰ পৰা বাঢ়ি অহা মিহি, সাধাৰণতে বেলন আকৃতিৰ, কেৰাটিন জাতীয় নোম।
any of the numerous fine, usually cylindrical, keratinous filaments growing from the skin of humans and animals.