কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিশু বিচাৰালয়xi.xu. bi.sa.ra.loyMaterial Noun
A juvenile court is a court that having special authority to try and pass judgments for crimes committed by children. who have attained the age of 6 to 18 years.
- শিশু বিশেষজ্ঞxi.xu bi.xe.xo.gyoCommon Noun
শিশুৰ ৰোগ আৰু যতনৰ বিশেষজ্ঞ ডাক্তৰ
a specialist in the care of babies
- শিশু ভাষাxi.xu bha.xaAbstract Noun
শিশুৱে কোৱা কথা আৰু ভাষা৷
children`s speech and language.
- শিশু ভৱনxi.xu bho.bonCommon Noun
দিনত মাক বাপেক নথকা সময়ত সৰু লৰা-ছোৱালী ৰখা আৰু যত্ন লোৱা ঘৰ৷
a home to take care of children during the absence of their parents at day time.
- শিশু শ্ৰমিকCommon Noun
An under-aged labour, deemed to be exploited through any form of work that deprives them of their childhood.
- শিশু-চটকśiśu-caṭakaNoun
চৰাই-পোবালি; ঘৰচিৰিকা পোবালি আদি; যেনে -"পক্ষীয়ে শিশু চটকক পখাৰে আবৰি থাকে"
a nestling or young of bird
- শিশু-সাহিত্যxi.xu-xa.hi.tyoAbstract Noun
শিশুৰ উপযোগীকৈ ৰচিত, প্ৰকাশিত সাহিত্য ৷
an age category of literature written for, published for, or marketed to children, roughly through age 12.
- শিশুকxi.xukCommon Noun
গঙ্গা, ব্ৰহ্মপুত্ৰ, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি ডলফিন ৷
A species of fresh water dolphin found in the big rivers of India, viz. Ganges, Brahmaputra, Meghna etc.
- শিশুকামীCommon Noun
শিশুক যৌনভাৱে আকৰ্ষিত ব্যক্তি৷
a person who is sexually attracted to children
- শিশুকালxi.xu.kalAbstract Noun
শিশু অৱস্থা বা সময়
the period or state of being a child
- শিশুত্বNoun
ল'ৰা-কাল বা অবস্হা
the state or age of childhood
- শিশুপালśiśupālaNoun
পূৰ্ব্বত চেদি নামেৰে এখন ৰাজ্যৰ এজন ৰজা আৰু কৱষ্ণৰ ভাগিনিয়েক [কৱষ্ণক সদায় গালি শপি থকাৰ কাৰণে এওঁক কৱষ্ণই বধ কৰে।]
the name of a king of the Chedis (central India) mentioned in the Mahābhārata, who was killed by Krsna
- শিশুপাল-খেদাśiśupāla-khedāNoun
যি ভয়ত পলায় তাক দূৰলৈকে খেদি নিয়া কাৰ্য্য
chasing someone who runs for life
- শিশুবধVerbal Noun
কেঁচুৱাক বধ কৰা কাৰ্য্য
the act of killing an infant
- শিশুমাৰxi.xu.marCommon Noun
গঙ্গা, ব্ৰহ্মপুত্ৰ, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি ডলফিন ৷
A species of fresh water dolphin found in the big rivers of India, viz. Ganges, Brahmaputra, Meghna etc.
- শিশুহত্যাxi.xu.hot.yaVerbal Noun
কেঁচুৱাক বধ কৰা কাৰ্য্য
the act of killing an infant
- শিশ্নxix.noMaterial Noun
মানুহকে আদি কৰি স্তন্যপায়ী প্ৰাণীসমূহ, কিছুমান চৰাই আৰু সৰিসৃপৰ মতাটোৰ জননাংগ ৷ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত পুৰুষাংগটোৱে মূত্ৰস্থলীৰ পৰা মূত্ৰনলীৰ সহায়ত মূত্ৰ নিষ্কাশন কৰে আৰু প্ৰজননৰ সময়ত শুক্ৰবীজ কঢ়িয়াই আনে ৷
The male reproductive organ of mammals and some reptiles and birds. In mammals, the penis contains the urethra, which carries urine from the bladder and releases sperm during reproduction.
- শিষ্টśiṣṭaAdjective
ভদ্ৰ; সাধু; সুশীল
civil; gentle
- শিষ্টজনAbstract Noun
সমাজৰ শ্ৰেষ্ঠ লোক-সমষ্টি
selected group of people who are best of society
- শিষ্টতাNoun
সজ গুণ বা আচৰণ; ভদ্ৰতা
civility; good manners