কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাম-জপnāma-japaNoun
তুলসী আদিৰ গুটিৰ মালাৰে ইষ্ট দেবতাৰ নামচিন্তা।
- নাম-তালিকাnam-ta.li.kaCommon Noun
কোনো নিৰ্দ্দিষ্ট কাৰ্য্য সম্পাদন কৰাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ তালিকা।
a list or group of persons selected for some service.
- নাম-ধামnāma-dhāmaNoun
দান আৰু থকা ঠাই আদিৰ বিবৰণ; পৰিচয়।
- নাম-প্ৰসংগAbstract Noun
নামঘৰত গোসাঁই,ভকত বা আন ভক্ত সকলে ভগৱানক প্ৰশংসা বা প্ৰাৰ্থনা কৰি (নিতৌ) কৰা নাম-কীৰ্তন৷
Praise and prayer daily offered to God in the "Hindu Namghar"
- নাম-প্ৰসঙ্গnam-pro.xong.goAbstract Noun
নামঘৰত গোসাঁই,ভকত বা আন ভক্ত সকলে ভগৱানক প্ৰশংসা বা প্ৰাৰ্থনা কৰি (নিতৌ) কৰা নাম-কীৰ্তন৷
Praise and prayer daily offered to God in the "Hindu Namghar"
- নাম-মালিকাnāma-mālikāNoun
নামৰ মাহাত্ম্য বৰ্ণনা কৰি লিখা মাধবদেবৰ পুথি এখন।
- নামকnāmakaNoun
শিখ-ধৰ্ম্ম-প্ৰবৰ্ত্তক; নানক-পন্হী বি. নানক-গুৰুৰ মতত চলা মানুহ; নানকৰ শিষ্য
a follower of Nānak
- নামকৰণnāmakaraṇaNoun
ওপজাৰ পাছত সন্তানৰ প্ৰথম নাম দিয়া কাৰ্য্য বা সংস্কাৰ
the ceremony of giving a name to a child
- নামঘোষাnam.gho’.xaProper Noun
মাধৱদেৱৰ দ্বাৰা বিৰচিত বৈষ্ণৱ ধৰ্মৰ এখন পুথি৷
one of a Vaishnav religious book written by Madhavdev.
- নামঘৰnāmagharaNoun
হৰি-নাম গোবা ঘৰ; বৈষ্ণবসকলৰ উপাসনাৰ ঘৰ; কীৰ্ত্তন-ঘৰ
a place of worship of the Vaiṣnavas of Assam
- নামঘৰীয়াnam.gho``.ri.yaCommon Noun
নামঘৰৰ তত্ত্বাৱধায়ক, পুৱা-গধূলি নামঘৰত চাকি জ্বলোৱা, নামঘৰ পৰিষ্কাৰ কৰি ৰখা ব্যক্তি ৷
a person who care and supervision of a "Vaishnavite Namghar". It is also used as a surname in Assam by their descendants.
- নামচাংnam.sangProper Noun
উজনি অসমৰ এখন সৰু চহৰ আৰু একে নামৰ এখন চাহ বাগিচা।
Tea-Estate and a township of Upper Assam.
- নামচিংnam-singMaterial Noun
Fermented fish of Mising community.
- নামজাদাnāmajādāNoun
নাম-জলা; প্ৰখ্যাত
well-known; famous
- নামজানি বৰফুকনnam.ja.ni bor.phu.konProper Noun
লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্যৰ এজন সেনাপতি৷ ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল৷ শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে৷
Lachit Borphukan was a commander and Borphukan in the Ahom kingdom known for his leadership in the 1671 Battle of Saraighat that thwarted a drawn-out attempt by Mughal forces under the command of Ramsingh I to take back Kamrup. He died about a year later due to illness.
- নামজাৰিnāmajāriNoun
মাটিৰ পট্টা আদিত নাম ভুক্ত পৰা বা লগোবা কাৰ্য্য
registration of name; mutation
- নামতত্ত্বAbstract Noun
ব্যুৎপত্তি, ইতিহাস আৰু সঠিক নামৰ ব্যৱহাৰৰ অধ্যয়ন৷
the study of the etymology, history, and use of proper names.
- নামতিna.mo.tiCommon Noun
নাম-কীৰ্তন কৰাত পাৰ্গত লোক৷
expert in chanting community prayers.
- নামতীnāmatīNoun
বিয়া-সভাত গীত গোবাত পাৰ্গত তিৰোতা
a woman skilled in singing songs
- নামদাংProper Noun
অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ এখন উপনৈ; ইয়াৰ ওপৰত এখন ঐতিহাসিক শিলৰ দলং আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল।
a tributary of the river Dikhou located in the Sivasagar district of Assam; a historic stone bridge was constructed over this tributary during the reign of the Ahom king Rudra Singha