কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শাৰ্ঙ্গśārṅgaNoun
বিষ্ণুৰ ধনু
the bow of Krsna
- শাৰ্দুলxar.dulCommon Noun
পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ
A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes.
- শাৰ্দূলśārdūlaNoun
বাঘ
a tiger
- শাৰ্দ্দুলxar.dulCommon Noun
পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ
A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes.
- শাৰ্দ্দূলśārddūlaNoun
বাঘ
a tiger
- শাৱকxa.wokCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- শিংśimNoun
কোনো কোনো জন্ত্তৰ মূৰত গজি ওলোবা জোঙা অঙ্গ
a horn
- শিংগানাপুৰxing.ga.na.purProper Noun
মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ সোণাই অঞ্চলৰ এখন গাওঁ৷ইয়াৰ বিশেষত্ব হৈছে এই গাওঁৰ কোনো ঘৰ, দোকান-পোহাৰ, কাৰ্যালয়, আনকি বেংকতো দুৱাৰ-খিৰিকী, বাকচ আদি কতো তলা লগোৱাৰ ব্যৱস্থা নাই৷যোৱা তিনিশবছৰৰো অধিক কাল ইয়াত কোনো ধৰণৰ চুৰি ডকাইতি আদি হোৱা নাই৷গাওঁখনৰ আৰাধ্য দেৱতা শনি আৰু চুৰি-তাৰি বা আন কিবা অপৰাধ কৰিলে তেওঁৰ ৰোষত পৰিব বুলি ভবা জনবিশ্বাসৰ বাবে ই অপৰাধমুক্ত অঞ্চল হৈ আছে৷ বোধহয় ভাৰতৰ একমাত্ৰ অঞ্চল য’ত বেংকতো তলা লগোৱা নহয়৷
a village in Ahmednagar district of Maharastra. Perhaps, this is the only village in India where people do not use locks at their houses, offices, shops and even in bank. Their presiding deity is lord soni and people believe that any crime there would irritate him and the village would ruin. There is no crime record there for last three hundred years.
- শিংশপাśiṃśapāNoun
শিশু গছ।
- শিকনNoun
শিক্ষা কৰা কাৰ্য্য।
- শিকলśikalaNoun
জিঁজিঁৰি; এটা এটাকৈ বহুত লো বা ধাতুৰ আঙঠি জোৰা দি কৰা দীঘল ডোল
a chain
- শিকলিśikaliNoun
জিঁজিঁৰি; এটা এটাকৈ বহুত লো বা ধাতুৰ আঙঠি জোৰা দি কৰা দীঘল ডোল
a chain
- শিকলিয়াśikaliẏāNoun
শিকৰ; দাঁত-শিকৰ; দাঁতৰ গুৰিত বন্ধ যোবা টান চূণৰ নিচিনা মল
a tartar of teeth
- শিকাNoun
শিক্ষা কৰা কাৰ্য্য।
- শিকাśikāTransitive verb
শিক্ষা দি; কোনো বিষয়ে জ্ঞান দি; . কৱদ
to teach
- শিকিয়াśikiẏāNoun
একাজী; বস্ত্ত ওলমাই নিৰলৈ জৰীৰে সজা যতন; ৰিৰিয়া বা আধাৰিৰ চাৰিফালে চাৰিডাল বেত বা আন জৰী সুমাই বা বান্ধি তাৰ ভিতৰত গধুৰ বস্ত্ত ভৰাই কালমাৰি বা বাঁওকাৰ দুই মূৰে ওলমাই নিবলৈ কৰি লোবা সঁজুলি
a loop or string bag made of rope for carrying loads
- শিক্ষকśikṣakaNoun
শিখাওঁতা; গুৰু
a teacher
- শিক্ষক দিৱসxi.khyok di.boxProper Noun
মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ চেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ ৰাধাকৃষ্ণন ১৯৬২ চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল ৷ কিন্তু তেওঁ জীৱনত শিক্ষকৰ বৃত্তিটোকহে অগ্ৰাধিকাৰ দিছিল আৰু সেয়ে তেওঁৰ জন্মদিনটোক তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই "শিক্ষক দিৱস" হিচাপে পালন কৰা হয় ৷
In India 5th September is celebrated as Teachers' day. 5th September is the birthday of a great teacher Dr. Sarvapalli Radhakrishnan. When Dr. Radhakrishnan became the president of India in 1962, some of his students and friends approached him and requested him to allow them to celebrate 5th September, his "birthday". In reply, Dr, Radhakrishnan said, "instead of celebrating my birthday separately, it would be my proud privilege if September 5 is observed as Teachers' day". The request showed Dr.Radhakrishnan's love for the teaching profession. From then onwards, the day has been observed as Teachers' Day in India.
- শিক্ষকতাxi.khya.ko.taAbstract Noun
শিক্ষকে কৰা কাম বা বৃত্তি ৷
the act or profession of a person who teaches.
- শিক্ষণNoun
শিক্ষাদান কাৰ্য্য।