কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শাস্ত্ৰবেত্তাNoun
শাস্ত্ৰ জনা লোক; পণ্ডিত।
- শাস্ত্ৰাভিমতxas.tra.bhi.motAbstract Noun
যিবিলাক বিধি-বিধান, নীতি-নিয়ম পুৰণি শাস্ত্ৰমতে শুদ্ধ
rules and regulations according to the old books of religion
- শাস্ত্ৰীxas.triCommon Noun
সংস্কৃত ব্যাকৰণত দখল থকা ব্যক্তিক দিয়া আনুষ্ঠানিক উপাধি৷ আজিকালি বংশানুক্ৰমিক ভাৱে লিখা উপাধি৷
A title given to a person having knowledge on Sanskrit grammer. Now-a-days, a general title.
- শাস্ত্ৰীয় বিধানxas.trio bi.dhanAbstract Noun
যুগ-যগান্তৰৰ পৰা চলি অহা যি কোনো ধৰ্ম্মীয় বিধি বিধান৷
An established ceremony prescribed by a religion.
- শাহśāhaNoun
গছৰ গুটি; শামুক আদিৰ খোলা বা টান বাহৰ ভিতৰত থকা কোমল ভাগ
the kernel of a fruit; a fleshy part of a shell
- শাহুśāhuNoun
স্বামী বা ভাৰ্য্যাৰ মাক
mother-in-law
- শাহুআইxa.hu.aiCommon Noun
নিজৰ জীৱন-সঙ্গী (স্বামী বা স্ত্ৰী)ৰ মাক
mother of one's spouse
- শাড়ীxa.riMaterial Noun
তিৰোতাই গাত মেৰিয়াই পিন্ধা এখনীয়া বস্ত্ৰ ।
A long piece of cloth that is wrapped around the body and worn as the main piece of clothing by women in south Asia.
- শায়কśāẏakaNoun
কাঁড়; বাণ
arrow
- শাৰংগধৰProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- শাৰংগপাণিProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- শাৰঙ্গśāraṅgaNoun
বিষ্ণুৰ ধনু
the bow of Krsna
- শাৰঙ্গধৰNoun
যাৰ হাতত শাৰঙ্গ থাকে; বিষ্ণু; কৱষ্ণ
Visnu
- শাৰঙ্গপাণিNoun
যাৰ হাতত শাৰঙ্গ থাকে; বিষ্ণু; কৱষ্ণ
Visnu
- শাৰদাxa.ro.daProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শাৰীśārīNoun
তিৰোতাই বিহা-মেখেলাৰ সলনি পিন্ধা চুৰিয়াৰ নিচিনা বস্ত্ৰ
a piece of long cloth worn by ladies
- শাৰীৰবিদ্যাxa.rir.bi.dyaAbstract Noun
জীৱদেহৰ আৰু দেহৰ অংগসমূহৰ কাৰ্য্যাৱলী সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান
Science of the functions of living organisms and their parts
- শাৰীৰবৃত্তxa.rir.brit.toAbstract Noun
জীৱদেহৰ আৰু দেহৰ অংগসমূহৰ কাৰ্য্যাৱলী সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান
Science of the functions of living organisms and their parts
- শাৰীৰশাস্ত্ৰxa.rir.xas.troAbstract Noun
জীৱদেহৰ আৰু দেহৰ অংগসমূহৰ কাৰ্য্যাৱলী সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান
Science of the functions of living organisms and their parts
- শাৰীৰস্থানবিদ্যাxa.rir.stAbstract Noun
জীৱদেহৰ আৰু দেহৰ অংগসমূহৰ কাৰ্য্যাৱলী সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান
Science of the functions of living organisms and their parts