কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বনাNoun
সক.
- বনাগ্নিbanāgniNoun
বনজুই; হাবিত লগা জুই
wild fire
- বনাঞ্চলbo.nan.solAbstract Noun
বনৰীয়া জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা অথবা সিহঁতৰ বাবে সংৰক্ষিত অঞ্চল
an area covered by or reserved for wild vegetations and animals
- বনানীbo.na.niAbstract Noun
বনৰীয়া গছ-গছনিৰে ভৰি থকা এলেকা।
area with wild vegetations.
- বনানীকৰণbo.na.ni.ko.ronProper Noun
খেতি কৰা অথবা মুকলি ঠাই গছ-বন ৰোপণ কৰি জংঘললৈ পৰিৱৰ্তণ কৰা |
The conversion of bare or cultivated land into forest (originally for the purpose of hunting).
- বনাশ্ৰমীProper Noun
হাবিত বাস কৰা বা থকা মানুহ ৷
A man dwelling in the forest.
- বনাশ্ৰিতProper Noun
হাবিত বাস কৰা বা থকা মানুহ ৷
A man dwelling in the forest.
- বনিbaniNoun
ৰোগৰ কাৰণ; চেলু; লেচু
a primary exciting cause of illness
- বনিতাbanitāNoun
তিৰোতা
a woman
- বনিয়নbaniẏanaNoun
সূতা বনিয়াই বা গুঁঠি তৈয়াৰ কৰা চোলা
a jersey
- বনুবাbanubāNoun
কাম কৰা মানুহ বা তিৰী
a worker; a labourer
- বনুৱাbo.nu.wa.Common Noun
যি ধন বা তেনে কোনো উপাৰ্জনৰ বাবে শাৰীৰিক শ্ৰম কৰে
one who does physical work for money and such other compensation
- বনুৱা শ্ৰেণীbo.nu.wa sre.niCommon Noun
শাৰীৰিক শ্ৰম কৰি জীবিকা অৰ্জন কৰা সমাজৰ এক শ্ৰেণীৰ লোক৷ সাধাৰণতে কম উপাৰ্জন হোৱা বাবে এওঁলোকৰ অৰ্থনৈতিক অৱস্হা ভাল নহয়৷ প্ৰায়ে আন শ্ৰেণী সমূহৰ শোষণৰ বলি হয়৷
people or the social class whose members are usually employed to do manual work at low wage. They, therefore, are often poor.
- বনুৱা সম্প্ৰদায়bo.nu.wa xom.pro.dayCommon Noun
শাৰীৰিক শ্ৰম কৰি জীবিকা অৰ্জন কৰা সমাজৰ এক শ্ৰেণীৰ লোক৷ সাধাৰণতে কম উপাৰ্জন হোৱা বাবে এওঁলোকৰ অৰ্থনৈতিক অৱস্হা ভাল নহয়৷ প্ৰায়ে আন শ্ৰেণী সমূহৰ শোষণৰ বলি হয়৷
people or the social class whose members are usually employed to do manual work at low wage. They, therefore, are often poor.
- বনেটbo.netMaterial Noun
গাড়ীৰ ইঞ্জিনৰ ওপৰত থকা সুৰক্ষামূলক ঢাকনী৷
a wide protective cover over the engine of an automobile.
- বনোৱাৰীbo.no`.wa.riProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- বনৌষধbo.nou.xodhMaterial Noun
উদ্ভিদৰ পৰা তৈয়াৰ কৰা দৰৱ, যাক ৰোগ নিৰাময় বা প্ৰতিৰোধ অথবা স্বাস্থ্য উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয় ৷
a medicine made from plants and used to prevent or treat disease or promote health
- বনৌষধিbanauṣadhiNoun
দৰব-স্বৰূপে ব্যবহাৰ কৰা উদ্ভিদ্
a herb used as a drug
- বন্তিbantiNoun
জ্বলি থকা চাকি; প্ৰদীপ
a lighted lamp
- বন্তি-পোৰাbanti-porāNoun
চলি থকা নাবৰ টিঙত জোৰ বা এটা জলোবা চাকি ৰাখি তাৰ পোহৰত পানীত মাছ খোচা কাৰ্য্য
the act of spearing fish with the help of the light of a burning torch or lamp placed at the front-end of a moving boat