কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কথা চোবোৱাko.tha-so`.bo`.waVerbal Noun
কোৱাকে কোৱা অৰ্থাত্ আলোচনা কৰা কথাৰ বাৰম্বাৰ আলোচনা
repetition of a discussion already made
- কথা লুটিওৱাko.tha lu.tiu.waVerbal Noun
আগতে কোৱা কথা, লোৱা পৰিকল্পনা দিয়া মত আদিৰ পৰা সম্পূৰ্ণ বিপৰীত স্থিতি লোৱা৷
a complete change of opinion, plan etc.
- কথা ৰত্নাকৰko.tha rot.na.korProper Noun
ডঃ ধ্ৰুবজ্যোতি বৰাৰ দ্বাৰা ৰচিত এখন উপন্যাস৷
An Assamese novel by Dr. Dhrubojyoti Borah. Published by Anwesha, Guwahati.
- কথা-কাণ্ডko.tha-kan.doAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- কথা-বতৰাko.tha-bo.to.raAbstract Noun
দুজনৰ মাজত ইজনে সিজনৰ সৈতে পতা কথা
the act of talking with one another interactively
- কথা-বাৰ্তাko.tha-bar.taAbstract Noun
দুজনৰ মাজত ইজনে সিজনৰ সৈতে পতা কথা
the act of talking with one another interactively
- কথা-সৰিৎ-সাগৰko.tha-xo.rit-xa.gorProper Noun
একাদশ শতিকাত সংগৃহীত পৌৰাণিক আখ্যান, উপাখ্যান, সাধুকথা আদিৰ জনপ্ৰিয় সংকলন৷ সংকলক - সোমদেৱ নামৰ শৈৱপন্থী ব্ৰাহ্মণ এজন৷
A collection of Indian legends, fairy tales and folk tales as retold in Sanskrit by a Shaiva Brahmin named Somadeva in the 11th century AD. Nothing is known about the author other than that his father`s name was Ramadevabatta.
- কথাচোৰko.tha.so`rCommon Noun
কুম্ভিলক বৃত্তি অৱলম্বন কৰা লোক।
somebody who plagiarizes.
- কথাছবিkathāchabiNoun
বোলছবি; সবাক চিত্ৰ; চিনেমা
talkie; cinema
- কথাছৱিko.tha.so.biAbstract Noun
ভিডিও কেমেৰাৰে বাণীৱদ্ধ কৰা এক নাটক
a drama captured by video camera
- কথানকAbstract Noun
মাত্ৰ কেইটামান পৃষ্ঠাতে সীমাৱদ্ধ লিখনিৰে এটা কাহিনী ডাঙি ধৰা এক প্ৰকাৰৰ লিখনি
a piece of writing that tells a story in few pages of texts.
- কথাবন্ধkathābandhaNoun
গদ্য-লেখা; গদ্য-ৰচনা
prose composition
- কথাশিল্পীko.tha.xil.piAbstract Noun
উপন্যাস, গল্প, প্ৰবন্ধ আদি গদ্য সাহিত্যত পাৰ্গত ব্যক্তি ৷
A writer who usually writes prose, novel, essay etc.
- কথাৰ গুৰিAbstract Noun
কোনো ঘটনা বা পৰিস্থিতিৰ মূল কাৰক
The basic cause, source, or origin of something
- কথাৰ মহলাko.thar mo.ho.laVerbal Noun
জনা শুনা কাৰোবাৰ লগত ঘৰুৱা কথা পতা বা পাতলীয়া, সৰস কথাৰে মেল মৰা
an informal,friendly conversation with people you know well.
- কথাৰ শেলko.thar xelAbstract Noun
কাৰোবাৰ মনত আঘাত লগাকৈ কোৱা কটু কথা
a cutting remark to hurt someone intentionally
- কথাৰম্ভAbstract Noun
নাটক, চিনেমা, কিতাপ আদিৰ আৰম্ভণিতে থাকি বিষয়বস্তু পৰিচয় কৰি দিয়া চুটি কথন, দৃশ্য বা টোকা।
a speech, note at the beginning of a play, movie or a book that introduces it.
- কথিকাko.thi.kaVerbal Noun
এক অনানুষ্ঠানিক বক্তৃতা বা ভাষণ
an informal speech or lecture
- কথিত ভাষাko.thi.to bha.xaAbstract Noun
ভাষাৰ কথিত অৰ্থাত কথা বতৰাত ব্যৱহাৰ হোৱা, মুখেৰে কোৱা ৰূপ। কোনো ভাষাৰ লিখিত ৰূপ নাথাকিলেও সকলো ভাষাৰ কথিত ৰূপ থাকেই। কিছুমান ভাষাত মান্য কথিত ৰূপ (standard colloquial)এটাও থাকে। বহু ভাষা তাত্বিকৰ মতে কথিত ৰূপেই ভাষাৰ মৌলিক ৰূপ। কথিত ভাষাৰ সূক্ষ্মতম একক হৈছে বৰ্ণ (phoneme)।
the form of language used in oral communication.
- কথোপকথনkathopakathanaNoun
দুই বা অধিকজনে কোনো বিষয়ে কৰা আলাপ; আলোচনা
the act of conversing together; a dialogue; discussion