কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাৰকAdjective
বাধা দিওঁতা।
- বাৰজনীয়াbārajanīẏāAdjective
মাধবদেব, পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ আৰু গোপাল আতা-এইসকলৰ প্ৰত্যেক পতা বাৰজন ধৰ্ম্ম-আচাৰ্য্যৰ মতে চলা (সত্ত্ৰ, পথ) [মাধবদেবে পতাবিলাকক ওপৰ-বাৰজনীয়া, পুৰুষোত্তম ঠাকুৰে পতাবিলাকক বৰ-বাৰজনীয়া, চতুৰ্ভুজ ঠাকুৰে পতাবিলাকক গোপাল-বাৰজনীয়া বোলে।]
conforming to the tenets of twelve eminent disciples of Mādhavadeva, Chaturbhuj Thākur Gopāl Ātā or Purushottom Thākur
- বাৰমহীয়াbāramahīẏāAdjective
বাৰ মাহেই থকা বা হোবা; বছৰৰ সকলো সময়তে উৎপন্ন-হোবা
yielding fruit throughout the year
- বাৰমিহলিbāramihaliAdjective
কেইবাবিধৰো মিহলি; নানা ৰকমৰ
composed of many things or ingredients; miscellaneous
- বাৰী লুৰাbārī, lurāAdjective
বাৰীত সোমাই শস্যাদি নষ্ট কৰা; যেনে-"বাৰী লুৰা দুষ্ট গৰু আসিলে পলাই" (ভীমচৰিত)
injuring crops, etc., by trespassing
- বাৰুbāruIndeclinable
শলাগ লোবা বা সম্মত হোবা মাত
very well
- বাৰেকুৰিAdjective
বাৰকুৰি বিধৰ; অনেক বিধৰ
of various sorts
- বাৰেঘৰিba.re.gho.riProper Adj.
অসত্ আচৰণ কৰা
characterized by immoral behaviors
- বাৰেপাচিba.re.pa.siProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- বাৰেবঙলুবাAdjective
নানা জাতিৰ মিহলি
mixed or composed of various kinds
- বাৰেবাহতুৱাba.re.bah.tuwaProper Adj.
বহুলোকে একেলগে কোনো বাছ-বিচাৰ নোহোৱাকৈ কৰা ৷
Done by several person without method.
- বাৰেবিংকৰাba.re.bing.ko.raProper Adj.
কোনো মূল্য নথকা
without any value or merit
- বাৰেবৰণীয়াbare.boro.niaProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- বাৰেভচছAdjective
নানা প্ৰকাৰৰ আৰু অমূলক
trifling and worthless
- বাৰেভচহুba.re.bho.so.huProper Adj.
গুৰুত্ব দিব নলগীয়া, অদৰকাৰী (চিন্তা, বিষয়, বস্তু ইত্যাদি)।
not significant or serious, not worth considering.
- বাৰেৰহণীয়াba.re.ro.ho.ni.yaProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- বাৰোবাৰীbārobārīAdjective
বহু লোক গোট খাই কৰা; বাজহুবা
done with the help of public subscription; public
- বাৰোৱাৰীba.ro`.ariProper Adj.
ৰাইজৰ অধিকাৰ থকা অথবা ৰাইজৰ লগত সম্পৰ্ক থকা ৷
Of or pertaining to the people; belonging to the people; relating to, or affecting, a nation, state, or community.
- বাৰ্তুলাকাৰbar.tu.la.karProper Adj.
বৃত্তৰ নিচিনা আকাৰৰ; বৃত্তীয় বা সৰ্পিল পথেৰে গতি কৰা বা বৰ্ণনা কৰা
having the form of a circle; moving in or describing a circle or spiral
- বাৰ্দ্ধক্যজনিতbar.dho.kyo.jo.ni.toProper Adj.
বৃদ্ধ অৱস্থাৰ সৈতে জড়িত বা বুঢ়া হোৱাৰ কাৰণে হোৱা৷
of or belonging to old age or aged persons.