কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিতত হbi.bud.dhi hoVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বিতাৰণbi.ta.ronVerbal Noun
বাহিৰ কৰি দিয়া কাৰ্য্য বা অৱস্থা
the act of expelling or the state of being expelled.
- বিতাৰিতbi.ta.ri.toVerbal Adj.
যাক বহিষ্কাৰ কৰা হৈছে, তেনে |
Force to leave or move out.
- বিত্তৱান হ্bittowan hoVerb-Intran.
আৰ্থিকভাৱে সবল হ
to become economically strong
- বিতৰণ কৰ্bi.to.ron korVerb-Trans.
মানুহৰ এটা মাজত গোট বা দলৰ মাজত খাদ্য অথবা সাজ-পোছাক ভাগ কৰি দিয়া
to distribute sth like food, clothe among a group of people
- বিতৰ্ক কৰ্bi.tor.ko korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- বিতৰ্ক্bitarkIntransitive verb
ভালকৈ তৰ্ক কৰ্; আলোচনা কৰ্
to discuss carefully
- বিথলেAdverb
অবাবত; মিছাতে
for nothing
- বিদাৰbi.darVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- বিদাৰণbi.da.ronAbstract Noun
ৰাসায়নিক অথবা তেজস্ক্ৰিয় বিক্ৰিয়াৰ ফলত হঠাৎ সৃষ্টি হোৱা এক বিধ্বংসী বল
a sudden outwards destructive force caused by a chemical or radioactive reaction
- বিদাৰণ কৰ্bi.da.ron korVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- বিদাৰ্bidārTransitive verb
ছিৰ্; ফাল্; বিদীৰ্ণ কৰ্
to tear or rend asunder
- বিদিত কৰ্bi.dit korVerb-Trans.
To convey what one is thinking in words, gestures or conduct
- বিদিতেAdverb
প্ৰকাশ্যে; জনাকৈ; যেনে-"বিদিতে কুমাৰে যেবে কিছু লাজ কৰি। গুপ্তৰূপে তথাপিতো ইবো পটেশ্বৰী" (মা. ক., অযোধ্যাকাণ্ড)।
- বিদীৰ্ণ কৰ্bi.dir.no korVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- বিদুলী মাৰ্Intransitive verb
বিদুলীয়া
to flash lightning
- বিদুলীয়াIntransitive verb
বিদুলী মাৰ্, ঘনে ঘনে বিদুলীৰে উজ্জ্বল কৰ্
to put forth frequent flashes of lightning
- বিদ্যমানেbi.dyo.ma.neAdverb
কাৰোবাৰ চকুৰ আগত
do or happen something when one is present
- বিদ্যাৰ্জনVerbal Noun
জ্ঞান অথবা কৰ্মদক্ষতা আহৰণ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process of acquiring knowledge or skill
- বিদ্যুম্মাৰণbi.dyum.ma.ronVerbal Noun
বিদ্যুৎপৃষ্ট কৰি মৰা বা মাৰিবলৈ আদেশ দিয়া |
Execution or killing of someone by electric shock.