কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাগতিnāgatiNoun
দুৰ্গতি; ক্লেশ বা শাস্তি পোবা অবস্হা
adversity; trouble
- নাগবন্ধnag.bon.dhoAbstract Noun
দুই হাত যোৰ কৰি, সামান্য ভাজ দি সাপ বুজাবলৈ ব্যৱহাৰ কৰা নাচৰ মুদ্ৰা৷
A mudra of classical dance form, by by folded hand to give a `snake` form.
- নাগমাতাnag.ma.taProper Noun
জৰৎকাৰু মুনিৰ ভাৰ্য্যা, বাসুকীৰ ভনীয়েক আৰু আস্তিক মুনিৰ মাক; নাগৰাণী
the snake-goddess, i.e. the goddess of the serpent tribe
- নাগলোকnāgalokaNoun
পাতাল; সাপ আৰু সৰ্প-দেবতাবিলাক থকা ঠাই
the lower earth
- নাগাঢাৰিna.ga.dha.riMaterial Noun
এবিধ বহল কাঠীৰে সজা দীঘল বাঁহৰ ঢাৰি ।
A kind of large bamboo mat.
- নাগামিজna.ga.mizAbstract Noun
নগালেণ্ডৰ সংযোগী ভাষা৷
the lingua franca of Nagaland.
- নাগালেণ্ডna.ga.landProper Noun
উত্তৰ পূব ভাৰতৰ এখন সীমামূৰীয়া ৰাজ্য৷
A state in the North-East of India. Kohima is the capital.
- নাগাৰাna.ga.raMaterial Noun
লাঠিৰে বজোৱা, তলটো গোলাকাৰ এবিধ চামৰাৰ বাদ্য; সাধাৰণতে ধৰ্মীয় অনুষ্ঠানত বজোৱা হয় ৷
a kind of beating leather instrument with a round base beaten by sticks, generally used with religious songs
- নাগাৰ্জুনProper Noun
গৌতম বুদ্ধৰ পাচত সেই ধৰ্মৰ অন্যতম ডাঙৰ পণ্ডিত৷ মহাযান বৌদ্ধবাদৰ অন্তৰ্গত মধ্যমক চিন্তাগোষ্ঠীৰ প্ৰতিষ্ঠাপক৷
He is widely considered one of the most important Buddhist philosophers after Gautama Buddha. Along with his disciple ?ryadeva, he is considered to be the founder of the Madhyamaka school of Mah?y?na Buddhism.
- নাগাৰ্জুন বুদ্ধProper Noun
গৌতম বুদ্ধৰ পাচত সেই ধৰ্মৰ অন্যতম ডাঙৰ পণ্ডিত৷ মহাযান বৌদ্ধবাদৰ অন্তৰ্গত মধ্যমক চিন্তাগোষ্ঠীৰ প্ৰতিষ্ঠাপক৷
He is widely considered one of the most important Buddhist philosophers after Gautama Buddha. Along with his disciple ?ryadeva, he is considered to be the founder of the Madhyamaka school of Mah?y?na Buddhism.
- নাগাৰ্জুন সাগৰna.gar.jun xa.gorProper Noun
হাইদৰাবাদৰ পৰা ১৫০ কিমিটাৰ দুৰত্বত বৌদ্ধ ধৰ্মৰ ডাঙৰ কেন্দ্ৰ৷ বৌদ্ধগুৰু নাগাৰ্জুনৰ নামত৷ গৌতম বুদ্ধৰ পাচত সেই ধৰ্মৰ অন্যতম ডাঙৰ পণ্ডিত৷ মহাযান বৌদ্ধবাদৰ অন্তৰ্গত মধ্যমক চিন্তাগোষ্ঠীৰ প্ৰতিষ্ঠাপক৷
Located at a distance of 150 km from Hyderabad, it is one of the most prominent Buddhist centers and attractive tourist spots in Andhra Pradesh. Known in ancient days as Vijayapuri, Nagarjunasagar takes its present name from Nagarjuna, one of the most revered Buddhist monks, who governed the sangha for nearly 60 years around the turn of the 2nd century AD. It is also a place of immense archaeological significance.
- নাগাৰ্জুন সাগৰ বান্ধna.gar.jun xa.gor bandhProper Noun
হাইদৰাবাদৰ পৰা ১৫০ কিমিটাৰ দুৰত্বত কৃষ্ণা নদীৰ ওপৰত এটা বৃহৎ নদী বান্ধ নিৰ্মান সময়-(১৯৫৫-৬০)
It is the world`s largest masonry dam. It was built on the Krishna River at Nagarjuna Sagar in shared districts of Nalgonda district of Telangana state and Guntur district, Andhra Pradesh, India.
- নাগিনীnāginīNoun
নাগ-দেবতাৰ ভাৰ্য্যা বা কন্যা
a female snake-god
- নাগিনী-মূৰবন্ধাnāginī-mūrabandhāNoun
এবিধ দীঘল পাতৰ বন; . "চুলি" চোবাঁ।
a kind of grass
- নাগিনীজানna.gi.ni.janProper Noun
যোৰহাট জিলাৰ এখন উল্লেখযোগ্য ঠাই৷
An important place in Jorhat district of Assam.
- নাগিনীমৰাna.gi.ni.mo.raProper Noun
নগাপাহাৰৰ এখন ঠাই৷ শিৱসাগৰ জিলাৰ সীমাত৷ দিখৌ লদীৰ সমীপত৷
An important place in Nagaland bordering Sibsagar district of Assam near Dikhou river.
- নাগেশ্বৰnāgeśbaraNoun
নাগৰাজ (বাসুকি)।
- নাগেশ্বৰীna.ge.swProper Noun
জৰৎকাৰু মুনিৰ ভাৰ্য্যা, বাসুকীৰ ভনীয়েক আৰু আস্তিক মুনিৰ মাক; নাগৰাণী
the snake-goddess, i.e. the goddess of the serpent tribe
- নাগেৰাnāgerāNoun
দবাৰ আকৱতিৰ কিন্ত্ত তাতকৈ বহু সৰু এবিধ মাৰিৰে কোবাই বজোবা বাদ্য
a small kettle-drum
- নাগেৰীnāgerīNoun
বৰ্তমানে সংস্কৱত, হিন্দী আদি ভাষাৰ লিপি
the most common Hindi character of writing