কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাতঘিলাbhat.ghi.laMaterial Noun
সৰাল পাতৰ মজলীয়া আকাৰৰ থিয় গছ৷ ৬-৮ মিটাৰ ওখ হয়৷ পাত যৌগিক ৯০ -১৫০ ছেণ্টিমিটাৰ দীঘল,মূল পক্ষল ৫ - ৭ যোৰ, মাখিপাত অসংখ্য।
Oroxylum indicum is a species of flowering plant belonging to the family Bignoniaceae, commonly called midnight horror, oroxylum, kampong, or Indian trumpet flower. It is a tree which can reach a height of 12 metres.
- ভাতজাৰAbstract Noun
জাৰকালি ভাত খোৱাৰ পাছত অনুভৱ হোৱা অধিক জাৰ
The chill felt after dinner. It is a temporary drop in body temperature that occurs after eating a large meal. The drop in temperature is caused by the body`s increased blood flow to the digestive system. This increased blood flow takes heat away from the rest of the body, which can make you feel cold.
- ভাতজ্ৱৰAbstract Noun
মাজে মাজে উঠি থকা সামন্য জ্বৰ
intermittent fever with mild temperature
- ভাতাৰbhātāraNoun
মতা; পৈ
a paramour
- ভাতিAbstract Noun
শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে
a form of energy that renders visibility
- ভাতীbhātīNoun
ধাতুৰ বস্ত্ত গঢ়া শালত ব্যবহাৰ কৰা জুইত বতাহ দিয়া যতন
a bellows
- ভাতৃbhat.riCommon Noun
একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ দুই পুৰুষ সন্তানৰ মাজৰ সম্পৰ্ক
A male having the same parents as another or one parent in common with another
- ভাতৃ দ্বিতীয়াbha.tri dwi.ti.yaCommon Noun
দেৱালীৰ পাছত শুক্লা দ্বিতীয়াৰ দিনা অসমত নেপালী আৰু বঙালী সকলে পালন কৰা হিন্দু উৎসৱ৷
A hindu religious festival observed by nepalis and bengalis of Assam. It is ofserved after two days of Dipawali.
- ভাতৃঘাতীbhat.ri.gha.tiProper Adj.
আপোন মানুহে নিজৰ মাজতে ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হোৱা |
The conflict/fight/fire between relative groups or individual which leads to self destruction or damage.
- ভাতৃত্ববোধAbstract Noun
নিজৰ ভাইৰ দৰে সম্পৰ্ক বা ভাই বুলি ভবা৷
The state or relationship of being brothers.
- ভাতৃপ্ৰেমbha.tri.premAbstract Noun
নিজৰ ভায়েক বা ককায়েকৰ প্ৰতি থকা মৰম, ভালপোৱা৷
the love,attachment for one's brother.
- ভাতৃবধীbhat.ri.bo.dhiProper Adj.
আপোন মানুহে নিজৰ মাজতে ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হোৱা |
The conflict/fight/fire between relative groups or individual which leads to self destruction or damage.
- ভাতৃস্নেহbha.tri.snehAbstract Noun
নিজৰ ভায়েক বা ককায়েকৰ প্ৰতি থকা মৰম, ভালপোৱা৷
the love,attachment for one's brother.
- ভাতৃহন্তাbhat.ri.hon.taAbstract Noun
নিজৰ ভায়েকক বধ কৰোঁতা ।
A person who murders their brother or sister.
- ভাত্তাbhāttāNoun
চফৰ ফুৰা কৰ্ম্মচাৰীক দিয়া বানচ
travelling allowance
- ভাতৱbhātawaNoun
ভাই
a brother
- ভাতৱহাbhātawahāNoun
জ্যোতিষমতে জন্মৰ অশুভ যোগ [যি সন্তানৰ এই যোগ হয় তেওঁৰ ভাই-ভনী মৰে বুলি বিশ্বাস]
an in-auspicious time in which, if a child is born, it forebodes death of its brother, according to astrology
- ভাথিবেলাAbstract Noun
দুপৰীয়াৰ পৰা সূৰ্য্যাস্তলৈকে সময়ছোৱা|
the time after noon till sun-set.
- ভাদbhādaNoun
ভাদ্ৰ মাহ; হিন্দু বছৰৰ পঞ্চম মাহটো
the fifth month of the Hindu year
- ভাদুলীলতাbha.du.li.lo.taCommon Noun
এবিধ গোন্ধ থকা লতা৷ ইয়াৰ বহুটো ঔষধি গুণ আছে৷
A woody vine that has a strong pungent smell. In Assam it is used as a medicinal plant against common intestinal disorders.