কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘূৰ্ণীবায়ুghur.ni.ba.yuAbstract Noun
অতি জোৰে বলা পকোৱা বতাহ
a strong cyclic wind
- ঘৃণাghri.naAbstract Noun
সন্মানৰ অভাৱ, শত্ৰুতা অথবা ভাল নোপোৱা সোৱাদ, গোন্ধ বা ৰঙৰ বাবে জন্মা অতি বেয়া পোৱা ভাৱ।
extreme dislike due to lack of respect, enmity or unfavorable taste, odour or colour.
- ঘৃণিনিধিProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- ঘৃতghri.toMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- ঘৃত কুমাৰীgri.to ku.ma.riCommon Noun
চাল কুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা কেকটাচ জাতীয় এবিধ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।
A species of succulent plants of the Aloe family known to have medicinal values
- ঘৃতকেশghri.to.kexMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ঘৃতদীধিতিMaterial Noun

- ঘৃতভোজীghri.to.bho`.jiCommon Noun
সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷
A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes
- ঘৃতান্নMaterial Noun
ঘিঁউৰে ভজা বা ঘিঁউ মিহলোৱা ভাত
rice mixed or fried with ghee
- ঘৃতাহুতিghri.ta.hu.tiVerbal Noun
ঘিঁ বা ঘিঁউৰে দিয়া আহুতি, অৰ্থাৎ হোমাগ্নিত ঘিঁ ঢলা কাৰ্য্য
the act of pouring ghee into a sacrificial fire
- ঘৃতাৰ্চিঃghri.tar.siMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ঘেঁওghem̐oNoun
যঁতৰত সূতা কাটোঁতে এবাৰ হাত দাঙোতে যিমানখিনি সূতা ওলায়; ; ঘেঁও ঘেঁও যঁতৰৰ মাত।
an arm's length of thread in spining
- ঘেঁকেটghem̐keṭaNoun
ঘোঁকট; আহুকলীয়া বা এচুকীয়া ঠাই।
- ঘেঁচghem̐caNoun
জৰীত সী লোবা মণিৰ খন্দা বা ভাগ
a division in a string of beads
- ঘেঁচিghem̐ciNoun
সূতাৰ সৰু নেচা
small skein
- ঘেঁচুলিghem̐culiNoun
এবিধ বন আৰু তাৰ আলু
a kind of medicinal herb
- ঘেঁহনিghem̐haniNoun
মৰিবৰ সময়ত কফে ধৰাত ডিঙিৰপৰা ওলোবা শব্দ; ঘেৰ্ঘেৰি
the death rattle
- ঘেঁহুghem̐huNoun
এবিধ বাম খেতিত হোবা ধান; ইয়াৰপৰা আটা গুৰি, ময়দা আৰু চুজি হয়
wheat; Triticu, sativum
- ঘেঁহু-ধানghem̐hu-dhānaNoun
এবিধ বাম খেতিত হোবা ধান; ইয়াৰপৰা আটা গুৰি, ময়দা আৰু চুজি হয়
wheat; Triticu, sativum
- ঘেংghemNoun
কুকুৰে কামুৰিবৰ সময়ত কৰাৰ নিচিনা শব্দ
an imitative word used to express the sound uttered by a dog when attacking an animal