কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিচাটুnicāṭuAdjective
কাৰো সন্তোষ জন্মাই উপকাৰ পাবৰ ইচ্ছা নকৰা; কাতো ভাৰবা নকৰা
not carrying favour; independent
- নিচাযুক্তni.sa.juk.toProper Adj.
সুৰা, ঔষধ বা আন দ্ৰৱ্য, যি অস্থায়ীভাৱে শাৰীৰিক আৰু মানসিক নিয়ন্ত্ৰণ কম কৰে।
that affects temporarily with diminished physical and mental control like alcoholic liquor, a drug, or another substance, esp. to excite or stupefy with liquor.
- নিচাসক্তni.sa.xok.toProper Adj.
নিচাসক্ত হৈ তন্দ্ৰালস হোৱা বা ভালকে ভাবিব নোৱাৰা অৱস্থা ৷
not fully awake or able to think clearly because the person has taken a drug
- নিচিহ্নni.sih.noVerbal Adj.
চিন-মোকাম নাইকিয়া হোৱা
not cabable of being found out or traced
- নিচুকায়ীAdjective
নেকান্দি শাঁতে থকা।
- নিচুকীয়াnicukīẏāAdjective
এবিধ ঘূৰণীয়া খৰাহি
a small round basket
- নিচ্ছিন্নnicchinnaAdjective
সম্পূৰ্ণৰূপে চিন-চাব নোহোবা।
- নিছলাnichalāAdjective
ছাল-বাকলি নথকা; অতি দৰিদ্ৰ
very poor
- নিছলা-পিছলাAdjective
গোটেই উদং; সমূলি গাত কাপোৰ নথকা
wholly naked or uncovered
- নিছিদ্ৰnichidraAdjective
নিৰ্দ্দোষ, জগৰ নথকা; লেঠা নথকা; নিজগৰীয়া
free from fault or liability
- নিছুৰীয়াnichurīẏāAdjective
ল'ৰা-ছোবালী নথকা
having no child
- নিজnijaAdjective
নিজা; আপোনাৰ
own
- নিজগৰীnijagarīAdjective
নিজা; কাৰো স্বত্ব নথকা; সম্পূৰ্ণ নিজা; যেনে -"নিজগৰী মাটি;"
absolutely one's own
- নিজগৰীয়াnijagarīẏāAdjective
লোকৰ স্বত্ব নথকা; আপোনাৰ সুকীয়া
free from another's claim
- নিজঞ্জলীয়াni.jon.jo.liyaProper Adj.
(দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা
enjoying personal rights or liberty, as a person who is not in slavery
- নিজাnijāAdjective
নিজ; আপোনাৰ
one's own
- নিজানnijānaAdjective
নিৰ্জন
quiet place
- নিজান-জানni.jan-janProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- নিজাপীnijāpīAdjective
নিজৰ; আনৰ স্বত্ব নথকা; নিগাজি; চিৰকলীয়া
one's own; permanent
- নিটোলniṭolaAdjective
ঘূৰণীয়া; সুগঠিত; পুষ্ট
round; well-formed; well-developed