কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাতি-কুতা কৰ্ka.ti-ku.ta korVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- কানুনী কৰণ কৰ্ka.nu.ni ko.ron korVerb-Trans.
কিবা কাম বা বস্তু আদিক আইনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত কৰা৷
to make something legal.
- কানে কান মাৰিkāne, kāna, māriAdverb
কথমপি; কোনো প্ৰকাৰে
narrowly
- কান্দি-কাতিkan.di-ka.tiAdverb
বৰ বেছিকৈ কান্দি (কোনো কাম কৰ্)
(do something) weeping and crying excessively
- কান্দোতাkan.do`.taVerbal Adj.
কান্দি থকা ব্যক্তি।
a person who weeps.
- কান্দ্kāndIntransitive verb
শোক বা দুখত চকুৰ পানী উলিয়াই বেজাৰ কৰ্; বিলাপ কৰ্
to cry; to lament; to weep
- কাপ কাপ কৰ্kap kap korVerb-Intran.
মৰিবলৈ ধৰা প্ৰাণীৰ দৰে কাতি হৈ পৰি খৰকৈ উশাহ ল
to roll on the ground and gasp for breath, like an animal about to die
- কাপ্ খাkap khaVerb-Trans.
সোলোক-ঢোলোক নোহোৱাকৈ বা টান হৈ লাগি ধৰ্
to fit tightly without being loose
- কাবু কৰ্ka.bu korVerb-Trans.
ক্ষমতাৰ অধীনলৈ আন
to bring under control
- কাবৌ কৰ্kabou korVerb-Trans.
কাৰোবাক কিবা প্ৰয়োজনীয় বা জৰুৰী বস্তু ব্যগ্ৰভাবে বিচৰা, প্ৰাৰ্থনা কৰা
to ask for something in an anxious way because you need it very much
- কাবৌ-কাকূতিka.bou-ka.ku.tiVerbal Noun
ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।
A humble and earnest request for help from someone in authority.
- কাবৌকোকালি কৰ্ka.bou.ko`.ka.li korVerb-Trans.
কাৰোবাক কিবা প্ৰয়োজনীয় বা জৰুৰী বস্তু ব্যগ্ৰভাবে বিচৰা, প্ৰাৰ্থনা কৰা
to ask for something in an anxious way because you need it very much
- কাম কৰ্kam korVerb-Intran.
কিবা এটা সম্পূৰ্ণ কৰিবলৈ মানসিক আৰু/অথবা শাৰিৰীকভাৱে কষ্ট কৰ্ ৷
To exert oneself physically or mentally in order to do, make, or accomplish something.
- কামজ্বৰVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামত লগাka.mot lo.gaVerb-Trans.
উপযুক্ত ভাৱে কামত ব্যৱহাৰ কৰ্
make practical and effective use of
- কামনা কৰ্ka.mo.na korVerb-Trans.
সন্তুষ্টি দিব পৰা বা উপভোগ্য কিহবাৰ কাৰণে অধীৰ ভাৱে আগ্ৰহ কৰা
to long or crave for something that brings satisfaction or enjoyment
- কামভাৱkam.bhabVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামুৰি দেkamuri deVerb-Trans.
দাঁতেৰে আঘাত কৰ্
to cause a wound using teeth
- কামেচ্ছাVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামোদ্ৰেকVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.