কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শলাকাNoun
শলা; যেনে-"ৰত্নৰ শলাকা অঙ্গুলি- পান্তি" (কীৰ্ত্তন)
the thin stick
- শলাকাঠীNoun
ষঁতৰৰ শলা
a spindle
- শলাকানিśalākāniNoun
শলিতা; চাকিত ব্যবহাৰ কৰা, ফটাকানিৰ শিহা বা সৰু নুৰা
the wick of a lamp
- শলাগxo.lagAbstract Noun
কিহবাক/কাৰোবাক ভাল বোলা কাৰ্য্য
the act of saying good about sb/sth
- শলাগ-ধ্বনিAbstract Noun
প্ৰশংসা জনোৱা বা ধন্যবাদ জনোৱা কাৰ্য্য৷ উদাহৰণ- কামটোৰ বাবে তেওঁ সাধুবাদৰ পাত্ৰ৷মই তেওঁক সাধুবাদ জনাইছোঁ৷
To express happiness and gratitude for a favor.
- শলাগনিxo.la.go.niAbstract Noun
কিহবাক/কাৰোবাক ভাল বোলা কাৰ্য্য
the act of saying good about sb/sth
- শলাগ্śalāgTransitive verb
প্ৰশংসা কৰ্; গুণ বখান্
to praise
- শলাগৰ শৰাইxo.la.gor xo.raiAbstract Noun
সভা-সমিতি আদিৰ শেষত উপস্থিত সকলোকে প্ৰশংসা জনোৱা কাৰ্য ৷
a formal expression of gratitude during or after an event
- শলামণিNoun
শলাকাঠীত ঠাহি সুমাই দিয়া জাতিলাওৰ খোলাৰ ঘূৰণীয়া চাকলি
a washer attached to a spindle to keep it firm
- শলামাতśalāmātaNoun
অন্তৰ বিদীৰ্ণ কৰা গালি; যোৰাই দিয়া গালি
highly abusive language
- শলিśaliNoun
বাঁহ, কাঠ, লো আদিৰ সৰু সৰু গোটা দীঘল কাঠী
a thin long round slip of bamboo, wood, iron, etc.
- শলি খেলśali, khelaNoun
শুৰ খেল; ল'ৰাই কৰা এবিধ খেল [দুটা ল'ৰাই একোডাল এছাৰি যিমান দূৰৈলৈ পাৰে হাতেৰে কাঁড মাৰি পঠায়; যিটোৰ এছাৰি আগত পৰেগৈ সি তাৰ এছাৰিডাল তুলি লৈ পাছৰটোৰ এছাৰিৰ তলেদি একেবাৰে সৰকাই মাৰি পঠালে সি জিকে; যদি গোটেইডাল এছাৰি সৰকাৰ নোবাৰে, ইটোবে তাৰ এছাৰিডাল প্ৰথমটোৰ এছাৰিৰ তলেদি সৰকাই মাৰি পঠাব পাৰিলে সি জিকে। গোটেইডাল এছাৰি যেতিয়ালৈকে সৰকাই পঠাব নোবাৰে তেতিয়ালৈকে অগীয়া-বগীয়াকৈ এইদৰে এছাৰি মৰা-মৰিকৈ থাকে।]
a kind of children's play with sticks
- শলিতাśalitāNoun
"শলাকানি" চোবাঁ।
- শলিয়াśaliẏāNoun
এবিধ ডাঙৰ নিগনি; ধঁৰিয়া
a variety of mouse of a large size
- শল্কxol.koMaterial Noun
গছৰ কাণ্ড, ডাল আদিৰ কঠিন, বাহিৰৰ আৱৰণ
Tough outer skin of tree trunk, branches, etc.
- শল্কলীxol.ko.liCommon Noun
সাধাৰণতে বাকলিযুক্ত দীঘলীয়া দেহাৰে সৈতে, ফুল আৰু ফান থকা, শীতল-ৰক্তী, জলচৰ এক মেৰুদণ্ডী প্ৰাণী।
any of various cold-blooded, aquatic vertebrates, having gills, commonly fins, and typically an elongated body covered with scales.
- শল্কীxol.kiCommon Noun
সাধাৰণতে বাকলিযুক্ত দীঘলীয়া দেহাৰে সৈতে, ফুল আৰু ফান থকা, শীতল-ৰক্তী, জলচৰ এক মেৰুদণ্ডী প্ৰাণী।
any of various cold-blooded, aquatic vertebrates, having gills, commonly fins, and typically an elongated body covered with scales.
- শল্যśalyaNoun
মদ্ৰদেশৰ ৰজা; নকুল আৰু সহদেবৰ মোমায়েক
the maternal uncle of Nakula and Sahadeva
- শল্য চিকিৎসকxo.lyo si.kit.xokCommon Noun
শল্য চিকিৎসাৰ বিশষজ্ঞ ডাক্তৰ
a physician who specializes in surgery
- শল্য চিকিৎসাxoi.lo si.kit.xaVerbal Noun
ৰোগ, আঘাত বা শাৰীৰিক বিকলাঙ্গতাৰ কটা-ছিঙাৰ জৰিয়তে কৰা চিকিত্সা
treating diseases, injuries, or deformities by manual or operative procedures