কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভূতীয়াbhūtīẏāAdjective
ভূত-সম্পৰ্কীয়
pertaining to an evil spirit
- ভূপেন্দ্ৰProper Adj.
ড° ভূপেন হাজৰিকা বিৰচিত গীত বা তেওঁৰ সমন্ধীয় কোনো বিষয়
(songs, music etc) created or related to Dr. Bhupen Hazarika
- ভূমধ্য-সাগৰীয়bhu.mo.dhyo-xa.go.ri.yoProper Adj.
ভূমধ্য সাগৰৰ ওচৰ-পাজৰৰ অঞ্চল সংক্ৰান্তীয় বা সেই অঞ্চলত থকা বা বাস কৰা
pertaining to, situated on or near, or dwelling about the Mediterranean Sea
- ভূমাbhūmāAdjective
বিৰাট; ক্ষুদ্ৰৰ যি বিপৰীত; সৰ্ব্বব্যাপী।
- ভূমিহীনProper Adj.
নিজৰ নামত মাটি নথকা
having no land in his/her name
- ভূম্যাভিমুখীProper Adj.
তলৰফালে, ভূমিৰ ফালে বা সংযোগ বিন্দুৰ দিশে মুখ কৰি থকা
towards the base or point of attachment
- ভূষিতAdjective
অলঙ্কৱত; সজোবা- পৰোবা
ornamented; dressed
- ভূস্থৈতিকbhus.thoi.tikProper Adj.
পৃথিৱীৰ কেন্দ্রৰ পৰা বিষুৱৰ ওপৰত ২২,৩০০ মাইল (৩৫,৯০০ কিলোমিটাৰ) দূৰত থকা (উপগ্রহ বা অন্য কোনো যন্ত্র), যাক পৃথিৱীৰ পৰা আপেক্ষিকভাৱে স্থিতিশীল যেন দেখা যায়।
of or pertaining to a satellite traveling in an orbit 22,300 miles (35,900 km) above the earth's equator: at this altitude, the satellite's period of rotation, 24 hours, matches the earth's and the satellite always remains in the same spot over the earth.
- ভূয়সীbhūẏasīAdjective
বহুল; প্ৰচুৰ।
- ভূৰিbhūriAdjective
অনেক; বহুত; প্ৰচুৰ
many; much
- ভেঁকুৰাbhe~.ku.raProper Adj.
ভেঁকুৰ লগা
something that is mouldy
- ভেঁকুৰা লগা
ভেঁকুৰা।
- ভেঁটগুটিbhem̐ṭaguṭiAdjective
ভেঁটৰ গুটিৰ নিচিনা সৰু
Very small
- ভেঁটিমৰ্bhe~.ti.morProper Adj.
ভেঁটি উচ্ছন্ন হোৱা; কোনো উত্তৰসূৰী নথকা |
no longer in existence; lost or especially having died out leaving no living representatives; "an extinct species of fish"; "an extinct royal family"; "extinct laws and customs"
- ভেকেটা-ভেকেটbhekeṭā-bhekeṭaAdjective
দুৰ্গন্ধযুক্ত
stenchy
- ভেকোbhekoAdjective
মূৰ্খ; ভেবা; অপাত্ৰ
foolish; stupid
- ভেঙুৰাbhe.ngu.raProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- ভেঙুৰা-ভেঙুৰিbhe.ngu.ra-bhe.ngu.riProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- ভেঙূৰাAdjective
বেঁকা; অনেক মেচ থকা
crooked
- ভেঙূৰা- ভেঙূৰিAdjective
বেঁকা-বেঁকি; লেঙূৰ-ভেঙূৰ
having many bends; zigzag