কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক'লীয়া-ঝৰাka'līẏā-jharāNoun
ৰৌ জাতিৰ আৰু গঢ়ৰ কিন্ত্ত তাতকৈ অনেক গুণে সৰু এবিধ গাছ [বয়সত প্ৰায় এহাত মান দীঘল হয়; ছাই-বা অলপ ক'লা-বৰণীয়া; গাৰ বাকলিত দুটা এটা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰঙা ফোঁট থাকে; ইয়াক কোনোবে মালি মাছ বোলে]
a kind of fish having blackish colur Labeo Calbasu
- ক'লীয়া-তুলসীka'līẏā-tulasīNoun
ক'লা বৰণৰ তুলসী।
- ক'লীয়া-পানীka'līẏā-pānīNoun
জনম-ভৰ ফাটেকত পৰা মানুহক বন্দী কৰি থোবা সাগৰৰ মাজত থকা আন্দামান দ্বীপ
the Andaman islands containing the penal settlements of India
- ক'লীয়া-লতাka'līẏā-latāNoun
এবিধ ঈষৎ ক'লা বৰণৰ লতা
a kind of blackish creeper
- ক'ৰka'raPronoun
কোন ঠাই বা দেশৰ
of what place
- ক'ৰবাka'rabāPronoun
কোনো এক নজনা ঠাই
some unknown place
- ক'ৰবাৰ কোনোবাNoun
অচিনাকি ঠাইৰ অচিনাকি মানুহ; নিলগীয়া বা সম্বন্ধ নথকা মানুহ
unknown or unrelated person
- ক-ক ম-মka-ka, ma-maNoun
ভাষাৰ প্ৰাথমিক জ্ঞান।
- ক-কাৰka-kāraNoun
ক আখৰ; ক।
the letter
- ক-ফলাko-pho.laAbstract Noun
যিবোৰ ধ্বনিৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে৷ যেনেঃ ক, প, ল, স আদি৷
a speech sound with or without vibration of the vocal cord and in which the escape of air is partly obstucted.
- ক-বৰ্গka-bargaNoun
ক, খ, গ, ঘ, ঙ এই পাঁচোটা বৰ্ণ।
- ক`লা যাদুAbstract Noun
দুষ্ট উদ্দেশ্যৰ সৈতে জড়িত যাদু
magic involving the evil purposes
- কʼইলজাMaterial Noun
ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ
Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation
- কʼইহাৰ্Common Noun
এবিধ ঘাঁহ জাতীয় ৫-৭ ফুটমান ওখ গছ৷ ইয়াৰ পৰা চেনি তৈয়াৰ কৰা হয়৷
a tall grass of tropical and warm regions, having a stout, jointed stalk, and constituting the chief source of sugar.
- কʼলজাMaterial Noun
ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ
Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation
- কঁইটাkam̐iṭāNoun
পিব নোবাৰিবৰ কাৰণে ম'হ-পোবালিৰ মুখত দুকানে দুডাল বান্ধি দিয়া জোঙা শলা
a muzzle to prevent the calves of buffaloes from sucking
- কঁকালkam̐kālaNoun
কটি; তপিনা আৰু পিঠিৰ মাজৰ ভাগ; গাৰ সোঁ মাজ ভাগ
the loins; the waist
- কঁকাল-সৰুko~.kal-xo.ruAbstract Noun
লাহী ক্ষীণ ককাল থকা৷
having a small waist.
- কঁকালান্ধিNoun
কঁকালৰ পাছফালে হোবা বিষ
lumbago
- কঁকালিNoun
কঁকালত বন্ধা জৰী; কটি-সূত্ৰ; পেটি
a string tied round the waist; belt