কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টিকেটti.ketCommon Noun
কাৰোবাক মূল্য/ ভাড়া/ পইচাৰ বিনিময়ত বাছ, ৰেলগাড়ী, বিমান আদিত ভ্ৰমণ কৰিবলৈ; চিনেমা হল বা এনে আন কোনো অনুষ্ঠানত প্ৰৱেশ কৰি সেৱা উপভোগ কৰিবলৈ অনুমতি প্ৰদান কৰি দিয়া (ছপাকৰা) কাগজ৷
a piece of (printed)card giving somebody the right to travel by a particular bus, train, plane etc. or to go into a cinema, theater etc.against some payment
- টিক্ টিক্ṭik, ṭikNoun
জেঠীৰ মাত, সৰু মাৰিৰে বা ঘড়ীৰ কাঁটাই ঘনে ঘনে আঘাত কৰাৰ নিচিনা শব্দ
an imitative word used to express the ticking of the house lizard or a clock, or the sound produced by striking a hard substance with a small stick
- টিক্লিtik.liMaterial Noun
মহিলাই কপালত পিন্ধা এবিধ অলংকাৰ৷
An ornament or band worn on the forehead as a phylactery.
- টিঙনাṭiṅanāNoun
টিকা; ওখ মাটি
an elevated piece of land
- টিঙনাশালিṭiṅanāśāliNoun
শৌচ কৰা মুকলি ঠাই
an open place used as a privy
- টিঙিৰিṭiṅiriNoun
জুই তোলা তীখা আৰু শিলৰ সঁজুলি
flint and steel used for lighting fire
- টিঙিৰি-তুলাṭiṅiri-tulāNoun
টিঙিৰিৰ ফিৰিঙতি উলিয়াই জুই লগাবৰ নিমিত্তে যুগুত কৰা তুলা বা তেনেকুবা আন বস্ত্ত
tinder
- টিঙিৰি-পাথৰṭiṅiri-pātharaNoun
তীখাৰে আঘাত কৰিলে জুইৰ ফিৰিঙতি ওলোবা এবিধ শিল
flint
- টিছুকাকতti.su.ka.kotMaterial Noun
পনীয়া দ্ৰব্য শুহিব পৰা (আৰু সাধাৰনতে ৰুমাল হিচাপে ব্যৱহাৰ হোৱা)এবিধ অতি কোমল কাগজ৷
a very thin and soft paper that absorbs liquids and is used as handkerchief.
- টিছুপেপাৰti.su.pe.parMaterial Noun
পনীয়া দ্ৰব্য শুহিব পৰা (আৰু সাধাৰনতে ৰুমাল হিচাপে ব্যৱহাৰ হোৱা)এবিধ অতি কোমল কাগজ৷
a very thin and soft paper that absorbs liquids and is used as handkerchief.
- টিঞাṭiñāNoun
টিয়াঁ।
- টিটকাৰিṭiṭakāriNoun
উপুলুঙা কৰা শব্দ।
- টিটেনিয়ামti.te.ni.yamMaterial Noun
এবিধ ধাতু৷ পৰ্য্যাবৃত্ত তালিকাত ইয়াৰ স্থান ২২
a chemical element with symbol Ti and atomic number 22
- টিনṭinaNoun
বগা তাম
tin
- টিনপাতṭinapātaNoun
বগা তাম
tin
- টিন্ টিনṭin, ṭinaNoun
টিং টিং।
- টিপtipAbstract Noun
অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন
sound, gesture or written symbol with an agreed upon meaning
- টিপ চাকিtip sa.kiMaterial Noun
বেটেৰী চালিত হাততে লব পৰা বিজুলি চাকি
a hand-held electric light run on batteries
- টিপ-চহীṭipa-cahīNoun
দস্তখত-স্বৰূপে বুঢ়া আঙুলিৰ পেটেৰে কাকতত দিয়া আঙুলি-কতপা
thumb-impression
- টিপ-চাকিṭipa-cākiNoun
সৰু চাকি।