কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কছমkachamaNoun
শপথ
an oath
- কছাইkachāiNoun
পশু মাৰি তাৰ মঙহ বেচা লোক
a butcher
- কছাৰীkachārīNoun
অসমত বাস কৰা এজাতি মানুহ
the Kacharis
- কছাৰী-মোৰkachārī-moraNoun
এড়ীয়া কাপোৰৰ আগত বগা সূতাৰে গাঁঠি দিয়া মোৰ।
- কছাৰী-শালিkachārī-śāliNoun
এবিধ শালি-ধান।
- কছুৰkachuraNoun
অপৰাধ; দোষ; ত্ৰুটি
offence; failure; deficiency
- কছুৰিko.su.riMaterial Noun
ময়দাৰ গোলাকাৰ আকৃতিৰ সাজৰ ভিতৰত মছলা ভৰাই তেলত বেছিকৈ ভাজি কৰা এটা জনপ্ৰিয় ভাৰতীয় খাদ্য৷
a delicious, spicy Indian snack made with deep fried round shaped dough of maida.
- কছৰৎkacharatNoun
অঙ্গ-সঞ্চালন; কুন্তী; ব্যায়াম
drill; physical exercise
- কজকkajakaNoun
ফৰিঙা
trigger
- কজুবাইkajubāiNoun
তাকৰীয়া খোবা বস্ত্ত ঘৰে ঘৰে বেচি ফুৰা বেপাৰী; সজাই; মহলীয়া
a hawker or petty travelling trader
- কজুৱাko.ju.waCommon Noun
যিয়ে ঘৰে ঘৰে গৈ গাখীৰ সংগ্ৰহ কৰে আৰু সেই গাখীৰ বিভিন্ন স্থানত বিক্ৰি কৰে ৷
one who collect milk from door to door and sells at different places for living.
- কজুৱাইko.ju.waiCommon Noun
ঘৰে ঘৰে বস্তু বেচি ফুৰা বেপাৰী
A trader who sells goods form door to door.
- কজ্জলkoj.jolMaterial Noun
চকুৰ পিৰিকটিত ঘহাঁ এবিধ ক`লা ৰং ।
a collyrium applied to the eyelashes.
- কজ্জলীkajjalīNoun
ৰস (পাৰদ) আৰু গনধক মিহলাই কৰা এটা ঔষধৰ বস্ত্ত; ৰস-কজ্জলী
Aethiop's mineral
- কঞ্চুkon.suMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- কঞ্চুকkon.sukMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- কঞ্চুকীkañcukīNoun
ৰজাৰ লগত সদায় থাকি নানা কামত পৰামৰ্শ দিয়া হিতৈষী বৱদ্ধ বামুণ বিষয়া [এওঁক ৰজাই সমনীয়াভাবে ব্যবহাৰ কৰে আৰু সাধাৰণতঃ এওঁ বুদ্ধিমান আৰু ধেমেলীয়া]
a chamberlain
- কঞ্চুলkon.sulMaterial Noun
(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি
(a) articles of gold, silver, precious stones, etc., for personal adornment(b) an accessory, article, or detail used to beautify the appearance of something to which it is added
- কঞ্চুলিকাkon.su.li.kaMaterial Noun
তিৰোতাৰ স্তনযুগল ঢাকিবলৈ ব্যৱহাৰ কৰা এক অন্তৰ্বাস
a woman's undergarment to cover and support the breasts
- কঞ্চুলীkon.su.liMaterial Noun
তিৰোতাৰ স্তনযুগল ঢাকিবলৈ ব্যৱহাৰ কৰা এক অন্তৰ্বাস
a woman's undergarment to cover and support the breasts