কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জাপে-মূলেjāpe-mūleAdverb
জপটিয়াই; যিহকে পাই তিহকে একেলগ কৰি
taking or mixing indiscriminately
- জাপ্jāpIntransitive verb
কাপোৰ, তুলাপাত আদিৰ নিচিনা পাতল বস্ত্ত মোকোটাই সামৰ্; তৰপ তৰপ কৰি মোকোটা
to fold
- জামৰ্jāmarIntransitive verb
উখহা গুচ্ বা কম হ; জামৰণি ধৰ্; শুকাই যা; নিস্তেজ হ
to fade; to lose freshness; to shrink
- জাল কৰ্jal korVerb-Trans.
কোনো বস্তুৰ নকল সজা
to claim to be original, but actually not
- জালকৰ্মVerbal Noun
বৰশীত টোপ দি তাক পানীত পেলাই মাছক খাবলৈ দি মাছ ধৰা কাৰ্য৷
the act of catching fish with a hook and line.
- জালিয়াতিja.li.ya.tiVerbal Noun
The act of forging, especially the illegal production of something counterfeit.
কোনো বস্তু জাল (নকল) কৰা কাৰ্য ৷
- জাল্jālTransitive verb
জুই ধৰ্; জুই লগা
to kindle
- জাহ দেjah deVerb-Intran.
খাৰত পানী দি খাৰ-পানী বাহিৰ কৰ্
to remove substances from (alkali) by a percolating liquid (water)
- জাহ যাjah jaVerb-Intran.
ক্ৰমান্বয়ে নোহোৱা বা নাইকিয়া কৰি পেলোৱা; লাহে-লাহে মিলি নাইকিয়া হৈ যোৱা
to cause to disappear or vanish gradually; fade away
- জাহিৰ কৰ্ja.hir korVerb-Trans.
ৰাজহুৱাভাৱে অৱগত কৰা ৷
To make known publicly.
- জাৰি ৰাখ্ja.ri rakhVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- জাৰি-জোকাৰিjāri-jokāriAdverb
চালি-জাৰি; ভালকৈ অনুসন্ধান কৰি
searching or examining minutely; scrutinizing
- জাৰ্jārTransitive verb
কুলাত কোবাই পৰিষ্কাৰ কৰ্
to winnow
- জিংজিঙাjiñjiṅāTransitive verb
কেট্কেটা; খিংখিঙা; খং কৰি কথা ক বা গালি পাৰ্
to scold
- জিংজিঙ্গাjiñjiṅgāTransitive verb
কেট্কেটা; খিংখিঙা; খং কৰি কথা ক বা গালি পাৰ্
to scold
- জিকʼVerb-Trans.
নঘঁহা-নমজাকৈ অলপ পানীৰে ধো ৷
to wash (utensils) without rubbing or using soap, using little water.
- জিকমিকাjik.mi.kaVerb-Intran.
কঁপি থকা যেন লগা পাতলীয়া পোহৰ দেখুওৱা৷
to shine with a soft light that seems to quiver.
- জিকা- বুৰাইAdverb
তিতা গা আৰু তিতা কাপোৰেৰে; যেনে-"জিকা-বুৰাই ব্ৰত কৰিছে"
with wet body and garment
- জিকাৰ খাji.kar khaVerb-Intran.
ভয়, জাৰ, ঘৃণা আদিৰ কাৰণে হোৱা শিহৰণ আৰু তাৰ ফলত গাৰ নোম থিয় হ |
Cause (someone's) hair to stand on end and to have goosebumps.
- জিকাৰ্, জিকাৰ খাIntransitive verb
অকস্মাৎ দুখ, ভয় বা জাৰ পাই গা কঁপি উঠ্
to start