কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বস্তুগতbos.tu.go.toProper Adj.
দৈহিক অস্তিত্ব থকা বস্তুৰ পৰা হোৱা; পঞ্চভূতৰ পৰা হোৱা৷
formed or consisting of matter; e.g. the material world.
- বস্তুনিষ্ঠbos.tu.nis.thoProper Adj.
of or pertaining to something that can be known with certainty, independent of thoughts or opinions
- বস্তুবাদীbos.tu.ba.diProper Adj.
আধ্যাত্মিক, বৌদ্ধিক বা সাংস্কৃতিক প্ৰমূল্যতকৈ পাৰ্থিৱ বস্তুক অধিক মূল্য দিয়া লোক।
a person who is markedly more concerned with material things than with spiritual, intellectual, or cultural values.
- বহগুবাbahagubāAdjective
বহাগ মাহত হোবা
produced or born in the month of Vaiśākha
- বহগুৱাbo.ho.gu.waProper Adj.
বহাগ বা বৈশাখ মাহত জন্মা বা হোৱা
born or produced in the month of `bohag` or `boisakh`
- বহনক্ষমbo.hon khyomAdjective Adj.
বহন সামৰ্থ্য থকা | পৰিৱেশৰ ওপৰত দীৰ্ঘম্যাদী বিৰূপ প্ৰভাৱ নেপেলোৱাকৈ বৰ্তি থকা |
Capable of being sustained. Capable of being continued with minimal long-term effect on the environment
- বহনীয়bo.ho.ni.yoProper Adj.
যাক ব’ব বা কঢ়িয়াব পাৰি৷
that may be borne or carried.
- বহমানAdjective
চলি থকা; বৈ থকা।
- বহলbahalaAdjective
পথালিয়ে অধিক; বিস্তৱত
broad; wide
- বহল মনৰbo.hol mo.norProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- বহাগীbo.ha.giProper Adj.
বহাগ বা বৈশাখ মাহত জন্মা বা হোৱা
born or produced in the month of `bohag` or `boisakh`
- বহি-খোবাbahi-khobāAdjective
এলেহুবা; কাম নকৰি পৰৰ আৰ্জ্জন খোবা
lazy; living on other's earning
- বহিঃbo.hihProper Adj.
আন দেশৰ সম্পৰ্কীয়, যেনে - বহিঃ পৰিক্ৰমা, পৰৰাষ্ট্ৰ মন্ত্ৰণালয়
pertaining to other countries, e.g. Ministry of External Affairs
- বহিঃস্থProper Adj.
মূল বিষয় অথবা পৰিসৰৰ বাহিৰৰ|
Happening or arising or located outside or beyond some limits or especially surface.
- বহিঃস্হbahiḥshaAdjective
বাহিৰৰ ফালে থকা; যেনে-"বহিঃস্হ কোণ"
external
- বহিখোৱাbo.hi.kho’.waProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- বহিষ্কৃতbo.his.kri.to.Verbal Adj.
যাক বহিষ্কাৰ কৰা হৈছে, তেনে |
Force to leave or move out.
- বহিষ্কৱতbahiṣkawataAdjective
দূৰ কৰা; খেদাই দিয়া; বেলেগ কৰা; সমাজ বা সঙ্গৰপৰা দূৰ কৰা
turned out; expelled
- বহিৰাগতbahirāgataAdjective
যি বাহিৰৰপৰা আহিছে; যি থলুবা নহয়।
- বহিৰ্bo.hirProper Adj.
আন দেশৰ সম্পৰ্কীয়, যেনে - বহিঃ পৰিক্ৰমা, পৰৰাষ্ট্ৰ মন্ত্ৰণালয়
pertaining to other countries, e.g. Ministry of External Affairs