কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নীৰনিধিni.ro.ni.dhiMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- নীৰোগাৱস্থাni.ro`.ga.wos.thaAbstract Noun
শৰীৰ বা মনৰ সুস্থ অৱস্থা; ৰোগ বা ব্যাধিৰ পৰা মুক্ত অৱস্থা
soundness of body or mind; freedom from disease or ailment
- নুই-নাইNoun
সমূলি অস্বীকাৰ; একেবাৰে আসৈ মতা
complete denial
- নুনমাটিnun.ma.tiProper Noun
গুৱাহাটী মহানগৰীৰ এখন উল্লেখযোগ্য স্থান
A place in Guwahati city
- নুনিnuniNoun
পাট-পলুবে পাত খোবা এবিধ মজলীয়া আকাৰৰ গছ
the Indian mulberry; Morus indica
- নুনীয়াnunīẏāNoun
বিহাৰ ৰাজ্যৰ এজাতি মানুহৰ নাম
a class of people of Bihar
- নুমলিগড়nu.mo.li.gorProper Noun
গোলাঘাট জিলাৰ উল্লেখযোগ্য স্থান৷ তেল শোধানাগাৰৰ বাবে বিখ্যাত৷
An important place of Golaghat district of Assam. Famous for oil refeinary.
- নুৰnurMaterial Noun
কোনো মানৱসৃষ্ট পোহৰৰ উত্স
a man-made source of light
- নুৰাnurāNoun
পাত, তুলাপাত আদিৰ নিচিনা পাতৰ বহল বস্ত্ত মেৰাই কৰা আটি বা মুঠি; কোমল বস্ত্ত মেৰাই কৰা আটি
a bundle; a scroll; a roll
- নুৰিয়া-নুৰিNoun
নুৰাৰ নিচিনাকৈ কৰা পকোবা-পকি
twisting movement as of a roll or bundle of something long
- নূতনnūtanaNoun
ন; নতুন; পুৰণি নোহোবা; বি. নূতনতা।
- নূতনতাnu.to.no.taAbstract Noun
নতুন হোৱা অৱস্থা ।
The quality of being new; the opposite of oldness.
- নূতি আইnu.ti aiProper Noun
নৱজাতক শিশুৰ চালৰ ওপৰত হোৱা ভিতৰত পানী থকা সৰু আই সদৃশ এবিধ ক্ষুদ্ৰ ফোঁহা; জন্মৰ এক দুই মাহৰ ভিতৰত শিশুসকলৰ পানীচামৰি বেছিকৈ হোৱা দেখা যায় আৰু হোৱাৰ আগেয়ে জ্বৰ হয়|
One kind of chicken pox like abscess often found in the skin of newly born baby inside of which is filled with water like substance. Generally, it comes out withing the first one/two months after birth of a baby. Fever is a symptom of waterpox.
- নূপুৰnūpuraNoun
ভিতৰত জুনুকা ভৰোবা এবিধ ভৰিৰ অলঙ্কাৰ
a jingling ornament worn round the ankles
- নূৰnurAbstract Noun
শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে
a form of energy that renders visibility
- নৃnriCommon Noun
মানৱ জাতি
The most intelligent living being on planet Earth, bipedal primates belonging to the mammalian species in the family Hominidae.
- নৃগোষ্ঠীতত্ত্বCommon Noun
মানৱ জাতিৰ গোষ্ঠীগত বৈচিত্ৰৰ বিষয়ে কৰা অধ্যয়ন
the study of the varieties of the human race
- নৃতত্ত্ববিদCommon Noun
মনুষ্যজাতিৰ ক্ৰমবিকাশ সম্পৰ্কে অধ্যয়ন কৰা লোক৷
one who studies the evolution of mankind.
- নৃতত্বnri.tot.twoAbstract Noun
মানুহৰ উৎপত্তি, ক্ৰমবিকাশ, সভ্যতা আদি সম্পৰ্কে অধ্যয়ণ কৰা বিষয়|
the study of human evolution, civilization etc.
- নৃত্যnri.tyoVerbal Noun
সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি
Improvised & prescribed steps and gestures usually in rhythm with music